AssamCity newsnationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

শীতকালীন অধিৱেশনত চলিছে নিলম্বনৰ জোৱাৰ, সংসদৰ শীতকালীন অধিৱেশনৰ মঙলবাৰৰ দিনটোত লোকসভাৰ অন্য ৪৯গৰাকী সাংসদক নিলম্বন…

শীতকালীন অধিৱেশনত চলিছে নিলম্বনৰ জোৱাৰ। সংসদৰ শীতকালীন অধিৱেশনৰ মঙলবাৰৰ দিনটোত লোকসভাৰ অন্য ৪৯গৰাকী সাংসদক নিলম্বন কৰা হয়। এওঁলোকৰ ভিতৰত NATIONAL CONFERENCEৰ ফাৰুক আব্দুলা, কংগ্ৰেছৰ শশী থাৰুৰ, মণীষ তিৱাৰী, কাৰ্তি ছিদাম্বৰম আৰু NCPৰ সুপ্ৰিয়া চুলেও আছে। এই ৪৯গৰাকীক লৈ এইবাৰৰ সংসদৰ শীতকালীন অধিৱেশনত সৰ্বমুঠ ১৪১গৰাকী সাংসদক নিলম্বন কৰা হৈছে। ইয়াৰে ভিতৰত লোকসভাৰ ৯৫গৰাকী আৰু ৰাজ্যসভাৰ ৪৬গৰাকী সাংসদ আছে। উল্লেখ্য যে ডিচেম্বৰ ১৩ তাৰিখে কেইবাগৰাকীমান যুৱক যুৱতীয়ে সংসদ ভৱনত প্ৰৱেশ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। সেই ঘটনাই সংসদ ভৱনৰ নিৰাপত্তা ব্যৱস্থাত সৃষ্টি হোৱা সুৰুঙা সন্দৰ্ভত প্ৰশ্ন তুলি বিৰোধীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদত বিবৃতি বিচাৰি প্ৰতিবাদ কৰি আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সংসদত হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰি সদনৰ কাম কাজত ব্যাঘাত জন্মোৱাৰ বাবে অধ্যক্ষ ওম বিৰলাই সাংসদক নিলম্বনৰ সিদ্ধান্ত লয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button