আমেৰিকা যুক্তৰাষ্ট্ৰত এক অনুস্থানত বিতৰ্কিত মন্তব্য কৰি বিপদত কৌতুক অভিনেতা বীৰ দাস
কৌতুক অভিনেতাগৰাকীৰ ওপৰত তিলক মাৰ্গ আৰক্ষী থানাত অভিযোগ দাখিল কৰা হৈছে
আমেৰিকা যুক্তৰাষ্ট্ৰত এক অনুস্থানত বিতৰ্কিত মন্তব্য কৰি বিপদত কৌতুক অভিনেতা বীৰ দাস।
ভাৰতৰ বিষয়ে অপমানজনক মন্তব্য কৰা এটা ভিডিও ক্লিপ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। তাত তেওঁ কৈছে, ভাৰতীয় পুৰুষে দিনত মহিলাৰ উপাসনা কৰে আৰু নিশা মহিলাসকলক দলবদ্ধ ধৰ্ষণ কৰে। তাৰোপৰি অনুষ্ঠানটো অপমানজনক ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে বীৰ দাসে। ইতিমধ্যে কৌতুক অভিনেতাগৰাকীৰ ওপৰত তিলক মাৰ্গ আৰক্ষী থানাত অভিযোগ দাখিল কৰা হৈছে।
বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটেও এটা ইনষ্টাগ্ৰাম পোষ্টত বীৰ দাসক সমালোচনা কৰিছে।
কৌতুক অভিনেতাজনে ইতিমধ্যে ইয়াৰ ওপৰত স্পষ্টীকৰণ জাৰি কৰিছে।
Delhi: Complaint received against actor-comedian Vir Das at Tilak Marg Police Station in connection with a viral video in which he is allegedly using derogatory language against the nation during an event in US.
(Photo courtesy: Vir Das' Instagram account) pic.twitter.com/KfTeH08oX9
— ANI (@ANI) November 17, 2021
