অসমগুৱাহাটীজীৱনশৈলীদুৰ্ঘটনাদৈনিক বাতৰি

গুৱাহাটীলৈ অনা হ’ল শ্বহীদ জোৱান সুমন স্বৰ্গীয়াৰীৰ নশ্বৰদেহ

অসম চৰকাৰৰ মুখপাত্ৰ তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শ্বহীদ জোৱানগৰাকীৰ নশ্বৰদেহত মাল্যাৰ্পণেৰে ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

মণিপুৰত শণিবাৰে উগ্ৰপন্থীৰ আক্ৰমণত নিহত হৈছিল অসম সন্তান, আছাম ৰাইফলছৰ শ্বহীদ জোৱান সুমন স্বৰ্গীয়াৰী। আজি পুৱা ৭.৩০ বজাত বিশেষ বিমানেৰে গুৱাহাটীলৈ অনা হয় স্বৰ্গিয়াৰীৰ নশ্বৰদেহ। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত অসম চৰকাৰৰ মুখপাত্ৰ তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শ্বহীদ জোৱানগৰাকীৰ নশ্বৰদেহত মাল্যাৰ্পণেৰে ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পাছতে স্বাস্থ্যমন্ত্ৰী মহন্তই শ্বহীদগৰাকীৰ পৰিয়ালক দেখা কৰাৰ লগতে শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণৰ বাবে বাক্সাৰ থৈকাৰাকুচিস্থিত বাসগৃহলৈ ৰাওনা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.