AssamInternationalleatest updatenationalnorth eastSocialSocial Networkঅসমদৈনিক বাতৰি

ধুমুহাত কি কৰিব আপুনি ?

কেনেকৈ সাৱধানতা ল'ব ধুমুহাৰ সময়ত ?

নিম্নলিখিত সাৱধানতাসমূহ ল’ব পাৰিব আপুনি

ঘৰৰ ঢিলা হৈ থকা টাইলচবোৰ চিমেন্টৰে ভালকৈ লগাওক। প্রয়োজন সাপেক্ষে দুৱাৰ খিৰিকিবোৰ মেৰামতি কৰাওক।
বাসগৃহৰ চাৰিওকাষৰ প্ৰতি মন দিয়ক। মৰা বা মৰিব ধৰা গছ-গছনিবোৰ আতৰাই পেলাওক। পকাৰ খুটা, ঢিলা হৈ থকা ইটাৰ গাঠনি, জাবৰৰ টিন, চাইনব’ৰ্ড, আদি বাগৰি নপৰাৰ ব্যবস্থা কৰিব ।

প্রয়োজন অনুসৰি খিৰিকিৰ আয়নাত লগাব পৰাকৈ কাঠ বা প্লাই ব’ৰ্ড গোঁটাই ৰখাৰ ব্যবস্থা কৰিব।
যদি তেনেধৰনৰ কাঠ বা প্লাই ব’ৰ্ড নাথাকে, তেন্তে আইনাৰ ওপৰত কাগজ আঠা লগাই দিব যাতে বাহিৰৰ পৰা কোনো বস্তু চিটিকি আহিব নোবাৰে।

কেৰাচিনতেলৰ সৈতে লেম্প আৰু বেতাৰীসহ টর্চ লাইট সহজতেপোৱাকৈ  ৰাখিব ।

ভগা-চিগা ঘৰ আদি থাকিলে সোনকালে ভাঙি পেলাব।

ৰেডিও থাকিলে সম্পূর্ণ ব্যৱহাৰ যোগ্য কৰি ৰাখিব আৰু ট্রেনজি ষ্টৰ থাকিলে বেটাৰীসহ সহজতে পোৱাকৈ ৰাখিব।
ৰেডিঅ’টো সদায় “অন” কৰি বা চলাই ৰাখিব আৰু ওচৰৰ আকাশবানী কেন্দ্ৰৰ বতৰ সম্পর্কীয় সঁকিয়নী বা সতর্কতামূলক পৰামৰ্শাৱলী মনোযোগ দি শুনিব ।

ৰেডিঅ’ৰ যোগেদি লাভ কৰা চৰকাৰী তথ্যহে অন্যলোকক জনাব।

সাগৰৰ পাৰৰ দ-চানেকীয়া অঞ্চল যিবোৰ সাগৰৰ ঢৌ বা জোৱাৰৰ পানীৰ দ্বাৰা সহজে প্লাৱিত হয়, তেনে ঠাইৰ পৰা সোনকালে আঁতৰি গৈ সাগৰৰ পানীয়ে ঢুকি নোপোৱা ওখ ঠাইলৈ যাওঁক। ৰৈ নাথাকিব, বিপদত পৰাৰ আগতেই ক্ষীপ্ৰ ব্যৱস্থা হাতত লওঁক।

যদি আপোনাৰ বাসগৃহটো মজবুতকৈ সজা আৰু জোৱাৰ অথবা নৈৰ বানৰ কৱলৰ পৰা মুক্ত, তেন্তে আপুনি নিৰাপদ। কিন ক্ত হলেও ঘৰ খালী কৰিবৰ নিৰ্দেশ পালেই তাক পালন কৰিবলৈ সাজু থাকক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.