অপৰাধঅসমঅসম আৰক্ষী

নাৰ্ছৰ শ্লীলতা হানিৰ চেষ্টা, জে’ললৈ গ’ল চিকিৎসক ভাস্কৰ বৰুৱা

২৬ জানুৱাৰীত গুৱাহাটী ৰিফাইনেৰী হাস্পতালত এগৰাকী নাৰ্ছৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল লম্পট ভাস্কৰ বৰুৱাই

ভগৱানৰূপী চিকিৎসকৰ অমানৱীয় কাণ্ড। চিকিৎসকৰ ওচৰতে এতিয়া সুৰক্ষিত নহয় পৰিচাৰিকা। নাৰ্ছক অশালীন ব্যৱহাৰ কৰি বিতৰ্কত সোমাই পৰিছে এজন চিকিৎসক। বিতৰ্কিত চিকিৎসকজন হৈছে গুৱাহাটী ৰিফাইনেৰীৰ চিকিৎসক ভাস্কৰ বৰুৱা।

২৬ জানুৱাৰীত গুৱাহাটী ৰিফাইনেৰী হাস্পতালত এগৰাকী নাৰ্ছৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল লম্পট ভাস্কৰ বৰুৱাই। ঘটনা সংঘটিত কৰিয়েই ধৰা পৰাৰ ভয়ত নিশাই পলায়ন কৰি আত্মগোপন কৰে চিকিৎসকজনে।

ঘটনাৰ পিছতে নুনমাটি আৰক্ষীয়ে অভিযান চলাই বাইহাটা চাৰিআলিৰ কমলপুৰৰ পৰা শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে ভাস্কৰ বৰুৱাক। বাইহাটা চাৰিআলিৰ আত্মীয়ৰ ঘৰত আত্মগোপন কৰি আছিল ভাস্কৰ বৰুৱাই। নুনমাটি আৰক্ষীয়ে মোবাইল ফোন ট্ৰেছ কৰি গ্ৰেপ্তাৰ কৰে চিকিৎসক ভাস্কৰ বৰুৱাক। সম্প্ৰতি আৰক্ষীয়ে আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে চিকিৎসক ভাস্কৰ বৰুৱাৰ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.