Covid-19

পুনৰ আহিছে ক’ৰনাৰ নতুন প্ৰজাতি, এইবাৰ জনগণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে NeoCovএ

দক্ষিণ আফ্ৰিকাত বাদুলীৰ মাজত বিয়পি পৰিছে এই নতুন প্ৰজাতিটো। গৱেষণাত ধৰা পৰিছে ভয়ংকৰ তথ্য।

আলফা, ডেল্টা, অমিক্ৰন। মানৱ সমাজৰ সুস্থিৰ গতিক স্থবিৰ কৰি মানুহৰ জীৱনত প্ৰৱেশ কৰিলে গ্ৰীক আখৰৰ এইকেইটা শব্দই। ২০১৯ চনতে চীনত উদ্ভাৱন হোৱা ক’ভিড-১৯এ জনজীৱন স্তব্ধ কৰি তোলাই নহয়, এই ভাইৰাছে মানুহৰ মাজত দুবছৰতকৈ অধিক সময় ধৰি সৃষ্টি কৰিছে ত্ৰাসৰ। কিয়নো ক’ভিড-১৯ৰ কি নতুন প্ৰজাতি আহিব, সেয়া কোনেও আগতীয়াকৈ গম ল’ব নোৱাৰে।

সেইসময়তে চীনৰ গৱেষণা কেন্দ্ৰত উদ্ধাৰ হৈছে NeoCov নামৰ ক’ভিডৰ এটা নতুন প্ৰজাতি। চীনৰ গৱেষকসকলে উদ্ভাৱন কৰিছে ক’ৰনা ভাইৰাছৰ এই নতুন প্ৰজাতি। দক্ষিণ আফ্ৰিকাত বাদুলীৰ মাজত বিয়পি পৰিছে এই নতুন প্ৰজাতিটো। গৱেষণাত ধৰা পৰিছে ভয়ংকৰ তথ্য। মানুহৰ জীৱনলৈও শংকা কঢ়িয়াই আনিছে এই NeoCovএ।

পিছে কিছু গৱেষকৰ মন্তব্য অনুসৰি এই ভাইৰাছক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। কিয়নো ২০১৩ চনতে দক্ষিণ আফ্ৰিকাত বাদুলীৰ দেহত ধৰা পৰিছিল এই ভাইৰাছ। এতিয়ালৈকে কোনো মানুহৰ শৰীৰত প্ৰভাৱিত হোৱা নাই এই ভাইৰাছ। কিন্তু এই ভাইৰাছ মানৱ শৰীৰত যদি বিয়পি পৰে, তেতিয়া যে ইয়াৰ পৰিণতি ভয়ংকৰ হ’ব সেয়া নিশ্চিত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.