অসম আৰক্ষীগুৱাহাটী

৩১ ডিচেম্বৰৰ নিশা মহানগৰীৰ ৰাজপথত কিহত ব্যস্ত মুখ্যমন্ত্ৰী?

কৰ্তব্যৰত মহানগৰ আৰক্ষীৰ সৈতে এইদৰে ইখনৰ পিছত সিখন গাড়ী ৰখাই নিৰীক্ষণ কৰিলে মুখ্যমন্ত্ৰীয়ে। সঁচায়ে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপ মানিবলগীয়া।

নিশাৰ ৰাজপথত হঠাৎ উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ৩১ ডিচেম্বৰৰ নিশা গুৱাহাটীৰ ৰাজপথত এইদৰে দেখা গ’ল মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীয়ে হাঁহি হাঁহি সম্ভাষণ জনালে ৰাজপথত চলা ইখনৰ পিছত সিখন বাহনৰ চালকক।

ওৰে নিশা মহানগৰীৰ ৰাজপথত মুখ্যমন্ত্ৰীক ব্যতিক্ৰমী ৰূপত দেখা পোৱাৰো আছে অন্যতম কাৰণ।

কিয়নো ৩১ ডিচেম্বৰৰ নিশাটো দুৰ্ঘটনাবিহীন নিশা কৰাৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ। সেয়েহে কৰ্তব্যৰত মহানগৰ আৰক্ষীৰ সৈতে এইদৰে ইখনৰ পিছত সিখন গাড়ী ৰখাই নিৰীক্ষণ কৰিলে মুখ্যমন্ত্ৰীয়ে।

সঁচায়ে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপ শলাগিবলগীয়া। লগতে, অসম আৰক্ষীৰ গতানুগতিক শাসন ব্যৱস্থাৰ পৰা কিছু ফালৰি কাটি মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে অসম আৰক্ষীয়ে ৩১ ডিচেম্বৰৰ নিশাৰ বাবে যি পদক্ষেপ ল’লে সেয়া প্ৰশংসনীয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.