Educationঅসমদৈনিক বাতৰি

কটন বিশ্বিবদ্যালয়ৰ ইতিহাসত নাম খোদিত হ’ল মাজুলীৰ এগৰাকী সম্ভাৱনাপূৰ্ণ গৱেষক উৎপল নাৰায়ণ গোস্বামীৰ

লেখক হিচাপেও ইতিমধ্যে পৰিচিত উৎপল নাৰায়ণ গোস্বামী

কটন বিশ্বিবদ্যালয়ৰ ইতিহাসত নাম খোদিত হ’ল মাজুলীৰ এগৰাকী সম্ভাৱনাপূৰ্ণ গৱেষক উৎপল নাৰায়ণ গোস্বামীৰ। কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথম গৰাকী ডক্টৰেট হিচাপে গৌৰৱ কঢ়িয়ালে উৎপল নাৰায়ণ গোস্বামীয়ে।

২০১৭ চনৰ পৰা আৰম্ভ হোৱা পি এইচ ডি পাঠ‍্যক্ৰমত ডক্টৰেট ডিগ্ৰী লাভ কৰে গোস্বামীয়ে। ‘অসমৰ কালসংহতিৰ সত্ৰসমূহত উদযাপিত উৎসৱ-পাবৰ্ণঃ এক বিশ্লেষণাত্মক অধ‍্যয়ন’ শীৰ্ষক বিষয়ত ডক্টৰেট ডিগ্ৰী গোস্বামীৰ। কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডঃ কাকলি গগৈৰ তত্ত্বাৱধানত গৱেষণা কৰি লাভ কৰে ডক্টৰেট ডিগ্ৰী।

লেখক হিচাপেও ইতিমধ্যে পৰিচিত উৎপল নাৰায়ণ গোস্বামী। নাট্য সঁফুৰা, সত্ৰ সংস্কৃতিৰ ৰূপ বৈচিত্ৰ্য আৰু এখন উপন্যাস আদি গ্ৰন্থ ৰচনাৰে সমাদৃত হৈছে গোস্বামী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.