AssamFestivalFilmInternationalleatest update

মস্কো আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ অসমীয়া বোলছবি ‘কুঁহিপাঠ’

প্ৰায় ২৪০ খন ছবিৰ মাজত মস্কোলৈ নিৰ্বাচিত হৈছে ‘কুঁহিপাঠ’।

মস্কো আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ অসমীয়া বোলছবি। প্ৰশান্ত কলিতাৰ দ্বাৰা পৰিচালিত ছবি ‘কুঁহিপাঠ’
মস্কোলৈ। দক্ষিণ কামৰূপৰ কথিত ভাষাত নিৰ্মিত কৰা হৈছে ছবিখন। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে
যতীন খনিকৰ, অনুৰূপা ডেকাৰজাই। প্ৰায় ২৪০ খন ছবিৰ মাজত মস্কোলৈ নিৰ্বাচিত হৈছে ‘কুঁহিপাঠ’।
২৩ এপ্ৰিলত মহোৎসৱৰ মুকলি শাখাত প্ৰদৰ্শিত হ’ব ছবিখন।

ছবিখন ৰাছিয়ান ভাষালৈ ডাবিং কৰা হ’ব বুলি জানিব পৰা গৈছে। প্ৰথমবাৰৰ বাবে ভাৰতৰ পৰা মস্কো
চলচিত্ৰ মহোৎসৱত এইখন অসমীয়া চিনেমাই মুকলি শাখাত নমিনেচন লাভ কৰিছে৷ ছবিখনৰ মুখ্য চৰিত্ৰত
অভিনয় কৰিছে যতীন খনিকৰ,অনুৰূপা ডেকা ৰজাই। অন্যান্য চৰিত্ৰত অভিনয় কৰিছে ৰীনা চৌধুৰী ,
তপন কুমাৰ দাস , নমিতা কলিতা ,মঞ্চৰূপা আদিয়ে ৷ ইতিমধ্যে প্ৰযোজক নৱজ্যোতি বৰদলৈ মস্কোলৈ
ৰাওনা হৈছে। ইয়াৰ আগতে ডুবাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কুঁহিপাঠ ছবিখনে অফিচিয়েল বাচনি
লাভ কৰি শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − one =

Back to top button