Socialঅসম

NLFBৰ ৩২ জন সদস্যৰ আত্মসৰ্পণ

অস্ত্ৰ-শস্ত্ৰ লৈ ওলাই আহিব বনাঞ্চলৰ পৰা

এন এল এফ বিৰ ৩২ জনীয়া কেডাৰৰ দল এটাই আজি মূলসুঁতিলৈ উভতি আহিছে। অস্ত্ৰ-শস্ত্ৰ সহ এই দলটো আজি ভাৰত-ভূটান সীমান্তৱৰ্তী ঝাৰবাৰীত উপস্থিত হয়।

৩২ জনীয়া দলটো ঘূৰি অহাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰি বিটিআৰত অস্ত্ৰধাৰী সংগঠন নিবিচাৰে তথা সকলোৱে শান্তি বিচাৰে বুলি কয়।

১৫ আগষ্টৰ পূৰ্বে কৰিব ১৮০ জন সদস্যই আত্মসমৰ্পণ কৰিব বুলি জানিব পৰা গৈছে।

এন এল এফ বিৰ প্ৰতিষ্ঠাপক এম বাথাসহ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে আজিৰ এই দলটোক আদৰি আনে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে জুলাই মাহত এম বাথাসহ সংগঠনটোৰ আন ২২ জন সদস্যই আত্মসমৰ্পণ কৰিছিল।

আগন্তুক সময়ত পুনৰ আন আন সদস্যসকল মূলসুঁতিলৈ ঘূৰি আহিব বুলি মন্তব্য কৰে বাথাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.