AssamElectionpoliticalঅসমনিৰ্বাচন

সময়ৰ অভাৱ! ৩ দিন ধৰি গা ধোৱা নাই ৰূপজ্যোতি কুৰ্মীয়ে…

সময়ৰ অভাৱ! ৩ দিন ধৰি গা ধোৱা নাই ৰূপজ্যোতি কুৰ্মীয়ে...

অসমত এতিয়া উখল-মাখল পৰিৱেশ। চৌদিশে কেৱল নিৰ্বাচন আৰু নিৰ্বাচন। শাসক-বিৰোধী সকলোৰে মুখত এতিয়া প্ৰতিশ্ৰুতি জোঁৱাৰ। ইয়াৰ মাজতে আজি বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ। ইফালে ব্যস্ততা বাঢ়িছে মৰিয়নীৰ বিধায়ক ৰূপজ্য়োতি কুৰ্মীৰ। কিন্তু এইবাৰো তেওঁ ব্যতিক্ৰম নহয়। পূৰ্বই দৰে নিজৰ মন্তব্যৰ বাবে চৰ্চাত আছে কুৰ্মী।

নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ৰূপজ্যোতি কুৰ্মীয়ে কয়, ” আমি খাদ্য যোগান ধৰিছিলো, কিতাপ পত্ৰ কিনি দিছিলো। বহু মানুহক টিন প্ৰদান কৰি হাঁহি বিৰিঙাইছিলো। বিজেপিৰ লগতে অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলে নামঘৰ বনাই দিছিলো। প্ৰস্ৰাৱ ঘৰ বনাই দি ভকত-বৈষ্ণৱৰ সেৱা প্ৰদান কৰিছিলো। বহু বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰই দিয়া অভিযোগৰ ভিত্তিত তেওঁলোকক টিন প্ৰদান কৰিছিলো। হাস্পতালত কৰবাত দৰৱ কিনিব ধন নাছিল, আমি তেওঁলোকক সহায় কৰিছিলো। এইবোৰ কৰ্মৰ ফল আমি পাবই লাগিব।”

লগতে তেওঁ কয়, “এতিয়া বহু পৰিভ্ৰমী চৰাই আহিছে। এয়া মই কোৱা কথা নহয়, সকলোৱে কৈছে। তেওঁলোকৰ এতিয়া ছেলফি তোলাত ব্যস্ত। কোনোবাই ফটো মাৰিছে, কোনোবাই চাব মন গৈছে চাইছে। চিন্তা নকৰিব, পৰিভ্ৰমী চৰাই আহিল, পানী শুকাল, মাছ বা খাদ্য নাইকীয়া হলে উৰি গুচি যাব।”

ৰাৱণ আৰু ৰামৰ প্ৰসংগ সন্দৰ্ভত কুৰ্মীয়ে কয়, “প্ৰচাৰ সকলোৱে কৰিছে। ৰাৱণেও পূজা কৰিছিল, ৰামেও পূজা কৰিছিল। কিন্তু পূজা কৰিলে নহ’ব, কৰ্ম সৎ হ’ব লাগিব। মই ৩ দিন ধৰি গা ধোৱা নাই। মই পানী ঢালিছো। সময় নাই , জিকিব লাগিব। জিকি সমষ্টিৰ উন্নয়ন কৰিব লাগিব। প্ৰায় ৭৫% পানী দিলো। এইবাৰ জিকিলে ঘৰে ঘৰে পানী দিব লাগিব। ৰাস্তা ৮০ শতাংশ কৰিলো আৰু বাকী ২০ শতাংশ কেনেকৈ কৰিব পাৰো, নতুন উদ্যোগ কেনেকৈ আনিম আদি ন-পৰিকল্পনা আছে।”

এতিয়া প্ৰশ্ন হৈছে এনেকেয়ে চলি থাকিব নেকি অসমৰ নিৰ্বাচনী প্ৰচাৰ? কেতিয়া সলনি হ’ব এনে পৰম্পৰা? নে এনেবোৰ মন্তব্যৰ দ্বাৰা চৰ্চাত থাকি ৰাইজৰ মনত স্থান দখল চেষ্টা অব্যাহত থাকিব। বহু আশাৰে ৰাইজে এজন প্ৰতিনিধি নিৰ্বাচন কৰে। কিন্তু এনে প্ৰতিনিধিয়ে সচাঁকৈয়ে সোণৰ অসমৰ সপোন বাস্তৱত পৰিণত কৰিব পাৰিব নে? সেয়াও এক ডাঙৰ প্ৰশ্ন…

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.