Covid-19অসম

অসমত অমিক্ৰনৰ সন্ত্ৰাস, এটি শিশুৰ দেহত ধৰা পৰিছে অমিক্ৰন

ইতিমধ্যে আৰক্ষীয়ে উক্ত এলেকাটোত মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে চুবুৰীয়া লোকসকলৰ ক'ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে

অসম পালেহি অমিক্ৰন। গুৱাহাটীৰ সোণাপুৰৰ এটি শিশুৰ দেহত ধৰা পৰিছে অমিক্ৰন ভাইৰাছ।

অমিক্ৰনত আক্ৰান্ত হোৱা সোণাপুৰৰ ডিগাৰুৰ শিশুজনৰ নাম ৰোহনদাস। ১৩ বছৰীয়া ৰোহন দাস নামৰ শিশুটিৰ দেহত ২২ ডিচেম্বৰতে ধৰা পৰিছিল অমিক্ৰন। কিন্তু মঙলবাৰে কিশোৰটিৰ দেহত অমিক্ৰনৰ উপস্থিতিৰ কথা পোহৰলৈ আহে।

ৰোহনে ২২ ডিচেম্বৰত মেঘালয়ত কৰিছিল ক’ভিড পৰীক্ষা। তাৰপাছতে মঙলবাৰে অহা ফলাফলত অমিক্ৰন ধৰা পৰে কিশোৰজনৰ। বুধবাৰে পুৱাই ৰোহন দাসৰ ডিগাৰুৰ ভাৰাঘৰত সোণাপুৰ আৰক্ষীৰ দল উপস্থিত হয় যদিও ঘৰৰ কোনো লোককে পাবলৈ সক্ষম নহ’ল। ইতিমধ্যে আৰক্ষীয়ে উক্ত এলেকাটোত মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে চুবুৰীয়া লোকসকলৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.