ভয়াৱহ হৈ পৰিছে বৰ্ণিহাট…
অসম-মেঘালয় সীমান্তৰ উদ্যোগিক চহৰ বৰ্ণিহাট বায়ু প্ৰদূষণৰ স্থিতি বৰ্তমান এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে।

ছুইজাৰলেণ্ডৰ বায়ু মান নিৰীক্ষণ প্ৰতিষ্ঠান IQ -AIRৰ গোলকীয় প্ৰতিবেদন অনুসৰি, বৰ্ণিহাটে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষ স্থান লাভ কৰিছে। ইয়াৰ বায়ুৰ মানদণ্ড (AQI) দিল্লীতকৈও ভয়াৱহ পৰ্যায়লৈ অৱনতি ঘটিছে। ইয়াত মাৰাত্মক PM 2.5 ধূলিকণাৰ পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থা (WHO)-ৰ নিৰ্ধাৰিত সীমাতকৈ ২৫ গুণ পৰ্যন্ত বেছি পোৱা গৈছ।
২০২৫ চনত IQ এয়াৰৰ বিশ্বব্যাপী বায়ু গুণাগুণৰ প্ৰতিবেদনত বৰ্ণিহাট বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ সমূহৰ ভিতৰত অন্যতম। কিছুসময় ধৰি বৰ্ণিহাটৰ বায়ু প্ৰদূষণৰ বাতৰি বিশ্বজুৰি চৰ্চা চলিছে। এই অঞ্চল টোত বায়ু প্ৰদূষণৰ অন্যতম কাৰণ হ’ল এই অঞ্চলৰ আশে পাশে থকা কৰ কাৰখানা। বৰ্ণিহাট আৰু ইয়াৰ আশে-পাশে থকা প্ৰায় ৮০ টাতকৈও অধিক চিমেণ্ট কাৰখানা, কয়লা আৰু সুৰা প্ৰস্তুত কৰা কাৰখানাই নিৰন্তৰ প্ৰদূষিত ধোৱা নিৰ্গমন কৰে।
৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে দিনে-ৰাতিয়ে চলাচল কৰা পুৰণি ডিজেলচালিত ট্ৰাক আৰু ব্যৱসায়িক বাহনৰ ধোৱাই এই প্ৰদূষণ অধিক বৃদ্ধি কৰিছে। য’ত ২৪ ঘণ্টাই নিৰ্গত হয় ধোৱা। ইয়াৰ প্ৰতিটো স্তৰতে ধূলিৰ আৱৰণ দেখা যায়। ইয়াৰ বতাহত পি. এম ২.৫ৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা নিৰাপদ সীমাতকৈ প্ৰাই ২৫ গুণ পৰ্যন্ত বেছি হোৱা দেখা গৈছে।
অতি কম সময়ৰ ভিতৰতে প্ৰদূষণৰ এটা মিহি ক’লা তৰপ ঘৰৰ চাদ, গছ গছনি আনকি শুকুৱাবলৈ উলিয়াই দিয়া বগা কাপোৰৰ ওপৰতো ইয়াৰ ধূলিৰ চামনি দেখিবলৈ পোৱা যায়। কাৰখানাৰ পৰা নিৰ্গত হোৱা আৱৰ্জনা সমূহৰ বাবে স্থানীয় পানীৰ উৎস সমূহো প্ৰদূষিত হৈ পৰিছে, যাৰ ফলত শিশু আৰু প্ৰাপ্তয়স্ক সকলৰ মাজত বিভিন্ন ধৰণৰ স্বাস্থ্য জনিত সমস্যা দেখিবলৈ পোৱা গৈছে।
প্ৰদূষণৰ বাবে স্থানীয় লোকসকল গুৰুতৰ স্বাস্থ্য সংকটত পৰিছে। চিকিৎসকসকলৰ মতে, অঞ্চলটোত হাঁপানি, কাহ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগীৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। ইয়াৰ উপৰিও ছালৰ খজুৱতি আৰু চকু পোৰা সমস্যাত বহু লোক ভুগিবলগীয়া হৈছে। আনকি প্ৰদূষণৰ কুপ্ৰভাৱে খেতি-বাতিৰো ক্ষতিসাধন কৰিছে।
