৪ বছৰৰ অন্তত নন্দিতা শইকীয়াৰ হ/ত্যা/কাৰী ৰিণ্টু শৰ্মাক মৃ/ত্যু/দণ্ডৰ ৰায় আদালতৰ
এখন ফাৰ্মাচীৰ সন্মুখত দিন দুপৰতে এখন দা/ৰে পৰিকল্পিতভাৱে ৰিন্টু শৰ্মাই আ/ক্ৰম/ণ কৰিছিল নন্দিতাক

৪ বছৰৰ অন্তত নন্দিতা শইকীয়াৰ হ/ত্যাকা/ৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় প্ৰদান ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ।
উল্লেখ্য যে ২০২১ বৰ্ষৰ আজিৰ দিনটোতে অৰ্থাৎ ২১ আগষ্টত মৰিঢল মহাবিদ্যালয় পৰা সহপাঠীৰ সৈতে ঢকুৱাখনাৰ ঘৰলৈ ঘূৰি অহা অৱস্থাত ধেমাজি নগৰৰ এখন ফাৰ্মাচীৰ সন্মুখত দিন দুপৰতে এখন দা/ৰে পৰিকল্পিতভাৱে ৰিন্টু শৰ্মাই উপৰ্যুপৰি আ/ক্ৰম/ণ কৰিছিল নন্দিতা শইকীয়া, কস্মিনা দত্তৰ লগতে পিতৃ দেৱ দত্তক।
পৰবৰ্তী সময়ত নন্দিতা শইকীয়াক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিং হোমত ভৰ্তি কৰিছিল। কোমাত থকা নন্দিতা শইকীয়াৰ মৃত্যু হৈছিল ২০২১ চনৰ ২৫ আগষ্টত। আ/ক্ৰমণ/ৰ ব/লি হোৱা সহপাঠী কস্মিনা দত্তৰ পিতৃ দেৱ দত্তৰ এজাহাৰৰ ভিত্তিত চলিছিল গোচৰৰ ৰায়দান।
অৱশেষত মৃত্যুৰ ৪ বছৰ পূৰ্তিৰ দিনাই নন্দিতা শইকীয়াৰ পৰিয়ালে পালে ন্যায় আৰু আদালতৰ আজিৰ ৰায়দানক আদৰণি জনাইছে ৰাজ্যবাসীয়ে ।

