অসমআঞ্চলিকদৈনিক বাতৰি

দুখঃজনক! জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণ আৰু নাই….

নিউজ টাইম অসমৰ উজনি অসমৰ ব্যুৰ' চীফ বিকাশ মৰাণে মূৰত গুলীয়াই আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লয়

দুখঃজনক! জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ আৰু নাই।

নিউজ টাইম অসমৰ উজনি অসমৰ ব্যুৰ’ চীফ বিকাশ মৰাণে মাকুমৰ নিজা বাসগৃহত পিষ্টলেৰে মুৰত দুই জাই গুলি ফুটাই আত্মহত্যা কৰে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে পিষ্টল।

সোমবাৰে নিশা ১১ বজাত শোৱনী কোঠাত আত্মহনন কৰে বিকাশ মৰাণে। অসমৰ কেইবাটাও উল্লেখনীয় সংবাদ প্ৰতিস্থানত বহুদিন ধৰি উজনি অসমৰ ব্যুৰ’ চীফ হিচাপে কৰ্ম সম্পাদন কৰিছিল বিকাশ মৰাণ। কি কাৰণত মৰাণে এনে চৰম পন্থা হাতত ল’লে সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

দীৰ্ঘসময়ৰ পৰা অসমৰ সংবাদ মাধ্যমৰ সৈতে সক্ৰীয়ভাৱে জড়িত আছিল বিকাশ মৰাণ। উল্লখনীয় যে, ইলেক্টনিক মিডিয়াৰ উজনি অসমৰ প্ৰথমজন ব্যুৰ’ সাংবাদিক আছিল বিকাশ মৰাণ।

কেইদিনমানৰ পুৰ্বে নিউজ টাইম অসমৰ এক অনুস্থানত ভাগ লৈছিল বিকাশ মৰাণে। কোনোৱে আশাও কৰা নাছিল সাহসী সাংবাদিকগৰাকীৰ এনে পদক্ষেপ। কিন্তু সকলোকে নিৰাশ কৰি তেওঁ চিৰ বিদায় লয়।

মৰণোত্তৰ পৰীক্ষাৰ পুৱা ১০ বজাত বিকাশ মৰাণৰ মৃতদেহ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে। আত্মহ্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে অধিক তদন্ত। তদন্তৰ পিছত পোহৰলৈ আহিব ঘটনাৰ ৰহস্য।

জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অসমৰ সংবাদ মাধ্যমত। নিউজ টাইম অসমৰ ফালৰ পৰা, বিকাশ মৰাণৰ আত্মাই যাতে চিৰশান্তি লাভ কৰক তাৰে কামনা…

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − ten =

Back to top button