অপৰাধঅসমৰাষ্ট্ৰীয় সুৰক্ষা

অসম–মিজোৰাম সীমান্তত পুনৰ গুলীচালনা

চুবুৰীয়া ৰাজ্যৰ পুনৰ গুলীচালনাৰ ঘটনাই নতুন উত্তেজনা সৃষ্টি কৰিছে অঞ্চলটোত

মঙলবাৰে নিশা অসম–মিজোৰাম সীমান্তৰ সীমান্তৱর্তী অঞ্চলৰ হাইলাকান্দি জিলাত সংঘটিত হয় গুলীচালনাৰ ঘটনা। দুয়ো চুবুৰীয়া ৰাজ্যৰ আৰক্ষীৰ মাজত হোৱা গুলীচালনাৰ ঘটনাই নতুন উত্তেজনা সৃষ্টি কৰিছে অঞ্চলটোত৷

অসম–মিজোৰামৰ সীমা বিবাদক লৈ ৰাজনৈতিক আলোচনা অব্যাহত থকাৰ সময়তে পুনৰ উত্তপ্ত হৈ পৰিছে হাইলাকান্দিৰ দুয়োখন চুবুৰীয়া ৰাজ্যৰ সীমান্তৱর্তী অঞ্চল৷

তথ্য অনুসৰি মঙলবাৰে নিশা দুই বজাত অসমৰ সংৰক্ষিত বনাঞ্চলৰ অন্তর্গত দাৰাসিং পাহাৰত মিজোৰামৰ লোকৰ প্রৱেশক লৈ গুলীচালনা সংঘটিত হয়৷ অসম আৰক্ষীৰ এই গুলীচালনাত অনুপ্রৱেশকাৰী মিজো মহিলা আহত হয় বুলি জানিব পৰা গৈছে৷

মঙলবাৰে মাজনিশা সীমান্ত অতিক্রম কৰা লোকৰ ওপৰত সন্দেহ প্ৰকাশ কৰি অসম আৰক্ষীয়ে প্ৰশ্ন সুধিবলে চেষ্টা কৰাত মিজোৰামৰ পাহাৰৰ পৰা গুলীবর্ষণ আৰম্ভ হয়, লগে লগে অসম আৰক্ষীয়ে ১২ ৰাউণ্ড গুলী চলাই ইয়াৰ প্রত্যুত্তৰ দিয়ে৷ অসম আৰক্ষীৰ এনে স্থিতিত অনুপ্রৱেশকাৰীসকল পলাই যাবলৈ বাধ্য হয়৷

উল্লেখ্য যে, কাছাৰ জিলাৰ লাইলাপুৰত সংঘটিত সীমা বিবাদ সম্পর্কীয় সংঘাতত মিজো আৰক্ষীৰ গুলীত নিহত হৈছিল অসম আৰক্ষীৰ ৬জনকৈ জোৱান৷ এই ঘটনাৰ পাছতেই দুয়োখন ৰাজ্যৰ সীমা বিবাদ মীমাংসাৰ বাবে অনুষ্ঠিত হৈছিল মন্ত্রী পর্যায়ৰ বৈঠক৷ সীমান্তত স্থিতাৱস্থা বাহাল ৰখাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল এই বৈঠকত৷ ইয়াৰ পাছতো দুয়ো চুবুৰীয়া ৰাজ্যৰ সীমা বিবাদে বিষয়টোক নতুন মোৰ দিয়া পৰিলক্ষিত হৈছে৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.