অসমধৰ্মীয়স্বাস্থ্য

মনসা পূজাৰ খাদ্যত বিষক্ৰিয়া

বিষক্ৰিয়াত আক্ৰান্ত হয় দুশ জনৰো অধিক লোক

মনসা পূজাৰ খাদ্যত বিষক্ৰিয়া। আক্ৰান্ত হয় দুশ জনৰো অধিক লোক।

মংগলবাৰে মনসা পূজাৰ খাদ্য গ্ৰহণ কৰাৰ পাছত বিষক্ৰিয়াত আক্ৰান্ত হয় পুজালৈ যোৱা লোকসকল।

লংকাৰ ৭নং ৱাৰ্ডত বকুল চন্দ্ৰ দাস নামৰ লোকজনৰ ঘৰত অনুষ্ঠিত হোৱা মনসা পূজাত ৱাৰ্ডটোৰ লোকসকল উপস্থিত হৈ গ্ৰহণ কৰে পুজাৰ খাদ্যবস্তু। প্ৰসাদৰ লগতে অনান্য খাদ্যবস্তু গ্ৰহণ কৰা লোকসকলো হৈছে আক্ৰান্ত।

ইতিমধ্যে, সাধাৰণ চিকিৎসা গ্ৰহণ কৰাৰ পাছতো সুস্থ হৈ উঠা নাই বহু লোক। আনহাতে লংকা স্বাস্থ্য বিভাগে উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰো অভিযোগ উত্থাপন হৈছে। দ্ৰৰিদ্ৰ লোকসকলৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি।

উন্নত চিকিৎসাৰ বাবে একাংশ লোকে হোজাই আৰু নগাঁওৰ ব্যক্তিগত চিকিৎসকৰ কাষ চাপিচে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.