Educationঅসম

কুৰি বছৰীয়া গৱেষণাৰ অন্তত উন্মোচন কৰা হ’ল “অগ্ৰণী উচ্চাৰণ অভিধান”

অসমীয়া ভাষাৰ ইতিহাসৰ এটা সোণালী দিন

যি সময়ত অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণৰক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈ আছে তেনে সময়তে কুৰি বছৰীয়া গৱেষণাৰ অন্তত বৃহস্পতিবাৰে অসম প্ৰকাশন পৰিষদৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হ’ল সুমন্ত চলিহাৰ অসমীয়া উচ্চাৰণ পদ্ধতি সন্দৰ্ভত “অগ্ৰণী উচ্চাৰণ অভিধান” শীৰ্ষক অভিধানখন। যিখন অভিধানে আগন্তক দিনত অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

উল্লেখ্য যে, অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত উন্মোচন কৰা হয় অভিধানখন। অভিধানখন উন্মোচন কৰে মুখ্যমন্ত্ৰীৰ শিক্ষা সচিব ননী গোপাল মহন্তই। অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা তথা পৰিষদৰ সদস্যা দীপ্তি ফুকন পাটগিৰি, বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী, শিক্ষাবিদ দয়ানন্দ বৰগোহাই আদিকে ধৰি ভালেকেইগৰাকীও বিশিষ্ট ব্যক্তি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button