অসমভাৰত

সামাজিক দুৰত্ব আৰু মাস্ক পৰিধান কৰি ৰাইজৰ প্ৰতিবাদ

কৰ’না ভাইৰাছৰ সংহাৰৰ সময়তে এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি ৰাইজৰ প্ৰতিবাদ৷ সামাজিক দুৰত্ব আৰু মাস্ক পৰিধান কৰি ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদৰ৷

এই ঘটনা সংঘটিত হৈছে মানকাচৰ সমষ্টিৰ গোটাবাৰী গাওঁ পঞ্চায়তত৷ গোটাবাৰী গাওঁ পঞ্চায়তৰ খোপাতীয়া বজাৰৰ পৰা পাইকৰকান্দী লৈ যোৱা দুই কিলোমিটাৰ পথ গড়কাপ্তানী বিভাগৰ পৰা SOPD(G)  আচঁনিৰ অধীনত ২০২০/২১ বিত্তীয় বৰ্ষত প্ৰায় দুই কৌটি টকাৰে অনুমোদন কৰি আহমেদ নুৰ আলম নামৰ ঠিকাদাৰ এজনৰ নামত আবণ্টন দিছিল বিভাগটোয়ে৷

কিন্ত পৰিতাপৰ বিষয় য়ে,  ঠিকাদাৰ জনে স্থানীয় জিলা পৰিষদৰ সদস্যৰ অভিভাৱক সাজু সেখক পথটো নিৰ্মাণৰ বাবে ছাবঠিকা দিয়ে৷ উক্ত ছাব ঠিকাদাৰ সাজু সেখে বিভাগীয় নীতি নিয়মক বুঢ়া আঙুলি দেখুৱাই নিজৰ খেয়াল-খুছি মতে কাম কৰাত সচেতন ৰাইজৰ চকু কপালত উঠিছে৷

স্থানীয় ৰাইজে জনোৱা মতে,  বিভাগীয় নিৰ্দেশত পথটো ওখ ছয় ফুটৰ লগতে বহলে ছয় মিটাৰ হব লাগিব কিন্ত ছাব ঠিকাদাৰ জনে পথটো ওখ ছয় ফুটৰ ঠাইত তিনি ফুট আৰু বহল ছয় মিটাৰৰ ঠাইত মাথোঁ তিনি চাৰি মিটাৰকৈ পুৰণা পথটো মেৰামতি কৰি আছে৷ ইফালে পথটোত তিনিটা বক্স কালভাৰ্ট নিৰ্মাণৰ বাবে বিভাগৰ তৰফৰ পৰা অনুমতি প্ৰদান কৰিছিল যদিও ঠিকাদাৰ জনে পথটোত এখনো কালভাৰ্ট নিৰ্মাণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে৷

সেয়ে স্থানীয় ৰাইজে সামাজিক দুৰত্ব আৰু মাস্ক পৰিধান কৰি বিভিন্ন ধৰণৰ শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় আৰু পথটো তদন্ত ক্ৰমে বিভাগীয় নীতি-নিয়ম মতে নিৰ্মাণ কৰা হয়। তাৰবাবে গড়কাপ্তানী বিভাগ,  চৰকাৰ তথা জিলা প্ৰশাসনক অনুৰোধ জনায়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.