Covid-19Social

সু-খবৰ! মোবাইলৰ জৰিয়তেই কৰিব পাৰিব Covid-19 টেষ্ট…

এপৰ জৰিয়তে হ’ব Covid-19ৰ টেষ্টিং! মাত শুনিলে এপটোৱে ক’ব পাৰিব আপুনি কৰ’না পজিটিভ নে নিগেটিভ৷

সু-খবৰ! মোবাইলৰ জৰিয়তেই কৰিব পাৰিব Covid-19 টেষ্ট!

এপৰ জৰিয়তে হ’ব Covid-19ৰ টেষ্টিং! মাত শুনিলে এপটোৱে ক’ব পাৰিব আপুনি কৰ’না পজিটিভ নে নিগেটিভ৷

বিগত ৩ বছৰে Covid-19ৰ বিভিন্ন ভেৰিয়েন্টৰে ত্ৰাসৰ সৃষ্টি কৰি আহিছে সমগ্ৰ বিশ্বত, কিন্তু শেহতীয়াকৈ কভিডৰ বিপজ্জনক ৰূপটো হ্ৰাস পাইছে। ইয়াৰ কাৰণ হ’ল কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ কৰা নতুন পৰীক্ষা-নিৰীক্ষা। বৰ্তমান ক’ভিডৰ ভেকচিন নিৰ্মাণ হৈছে বিশ্বত। এতিয়া বহু ধৰণৰ ঔষধো বজাৰত উপলব্ধ হৈছে। বজাৰত কৰ’না টেষ্টিঙৰ বাবে বহুতো বিকল্পৰ সমান্তৰালকৈ বিজ্ঞানীসকলে আন এক আচৰিত আৱিষ্কাৰ কৰিছে। (AI)ৰ সহায়ত এজন ব্যক্তিৰ ক’ভিড-১৯ সংক্ৰমণ হৈছে নে নাই সেই কথা জানিবলৈ মানুহৰ কণ্ঠ বিশ্লেষণ কৰিব পৰাকৈ এটা নতুন মোবাইল এপ প্ৰস্তুত কৰিছে।

নেদাৰলেণ্ডৰ মাষ্ট্ৰিখ্ট বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অব ডাটা চাইন্সৰ গৱেষকসকলে দাবী কৰিছে যে এই এপটো অন্যান্য এন্টিজেন পৰীক্ষাতকৈ অধিক সঠিক আৰু তুলনামূলকভাৱে ই সস্তা, দ্ৰুত আৰু ব্যৱহাৰ কৰাত সহজ। গৱেষক দলটোৱে জনোৱা মতে, কম আয়ৰ দেশসমূহত এই এপটো উপযোগী হ’ব পাৰে য’ত RT-PCR পৰীক্ষা অতি ব্যয়বহুল। বিজ্ঞানীসকলে দাবী কৰিছে যে ৮৯ শতাংশ পৰ্যন্ত এ আই মডেলৰ সঠিক ফলাফল লাভ কৰিছে।

এই এপটোৱে ক’ভিড পজিটিভ ৰোগী চিনাক্ত কৰাত প্ৰায় ৮৯ শতাংশ সঠিকভাৱে কাম কৰিছিল। আনহাতে ক’ভিড নিগেটিভ ৰোগী চিনাক্ত কৰাত ই ৮৩ শতাংশ সঠিক আছিল। এই গৱেষণা সোমবাৰে স্পেইনৰ বাৰ্চিলোনাত অনুষ্ঠিত ইউৰোপীয় শ্বাস-প্ৰশ্বাসজনিত সমাজৰ আন্তঃৰাষ্ট্ৰীয়ত উপস্থাপন কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.