শ্ৰেণীবিহীন

ক্ৰমাৎ জটিল ৰূপ লৈছে ৰাজ্যৰ বান পৰিস্থিতি, জলপ্ৰলয়ত ক্ষতিগ্ৰস্ত ৰাজ্যৰ ২০খন জিলাৰ ১.২০ লাখ জনতা

ক্ৰমাৎ জটিল ৰূপ লৈছে ৰাজ্যৰ বান পৰিস্থিতি

ক্ৰমাৎ জটিল ৰূপ লৈছে ৰাজ্যৰ বান পৰিস্থিতি। আগ বাৰিষাৰ প্ৰথমটো জলপ্ৰলয়ত ক্ষতিগ্ৰস্ত ৰাজ্যৰ ২০খন জিলাৰ ১ লাখ ২০ হাজাৰ জনতা। নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি হৈছে নৈ–উপনৈৰ জলপৃষ্ঠ। নিতৌ জলমগ্ন হৈছে ন ন অঞ্চল। ঠায়ে ঠায়ে ভাঙিছে মথাউৰি। উটি গৈছে পকী দলং, বুৰ গৈছে পথ–উপপথ।

খাদ্য, বস্ত্ৰ, বাসস্থান হেৰুৱাই হাহাকাৰ বন্যাৰ্তৰ।  নলবাৰীৰ প্ৰায় ৭০ শতাংশ গাঁও এতিয়া পানীৰ তলত। টিহুৰ ১১০খন গাঁও বানপানীৰ কবলত। বজালীতো জলমগ্ন বিস্তীৰ্ণ অঞ্চল। বজালীত নিশাই ভাঙিল দুটা স্থানৰ মথাউৰি। লখিমপুৰ, নাওবৈচাতো বাঢ়নী পানীয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ।

ওদালগুৰিতো বাঢ়নী পানীয়ে উটুৱাই নিলে কালানদীৰ মথাউৰি। ভেৰগাঁৱৰ ঔৰংগাজুলিত ছিগিল কালানদীৰ মথাউৰি। নদীৰ ভয়ংকৰ ৰূপ দেখি আতংকিত অঞ্চলবাসী। দৰং জিলাৰো বহু গাঁও পানীৰ তলত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.