অসমদৈনিক বাতৰি

ঘগ্ৰাপাৰ থানাৰ ঘটনাক লৈ আৱেগিক পোষ্ট DGP জি পি সিঙৰ-‘অসম আৰক্ষীৰ পোছাকত চেকা লাগিবলৈ নিদিওঁ’

ঘগ্ৰাপাৰ থানাৰ ঘটনাক লৈ আৱেগিক পোষ্ট DGP জি পি সিঙৰ-'অসম আৰক্ষীৰ পোছাকত চেকা লাগিবলৈ নিদিওঁ'

২১ জুনৰ ঘটনাৰ বুজ ল’বলৈ ঘগ্ৰাপাৰ থানাত আজি উপস্থিত DGP জি পি সিং। বিমান ৰয়ৰ ঘটনা সন্দৰ্ভত মহিলা আৰক্ষী বিষয়া লিজা টাইডক সোধা-পোছা কৰিছে আৰক্ষীয়ে। কান্দোনত ভাগি পৰিছে SI লিজা টাইড। ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছিল বিষয়াগৰাকীয়ে।

লিজা টাইডক সমগ্ৰ ঘটনা বিৱৰি কৈছিল কিশোৰীগৰাকীয়ে। কিন্তু তাৰ পাছতো মহিলা বিষয়াই লোৱা নাছিল কোনো ব্যৱস্থা  যাৰ বাবে ঘটনাত নাম সাঙোৰ খাইছে মহিলা বিষয়াগৰাকীৰো।

আনহাতে, ঘগ্ৰাপাৰ থানাত উপস্থিত হৈ DGP জি পি সিঙে কয়- ‘বিমান ৰয়ৰ কুকীৰ্তি প্ৰমাণ কৰিছে তদন্তকাৰী বিষয়াই, এমাহৰ ভিতৰত দাখিল কৰা হ’ব চাৰ্জশ্বীট। অতি শীঘ্ৰে বিমান ৰয়ক গ্ৰেপ্তাৰ কৰা হ’ব।’

আৰক্ষী বিষয়া বিমান ৰয় কিশোৰী নিৰ্যাতনত জড়িত বুলিও স্পষ্ট কৰে DGP জি পি সিঙে।

ইপিনে, ঘগ্ৰাপাৰ থানাৰ ঘটনাক লৈ আৱেগিক পোষ্ট DGP জি পি সিঙৰ। তেওঁ লিখে- বিমান ৰয়ে কলংকিত কৰিলে অসম আৰক্ষীক। বিমান ৰয়ৰ কাণ্ডক লৈ লজ্জিত অসম আৰক্ষী। অসম আৰক্ষীৰ পোছাকত চেকা লাগিবলৈ নিদিওঁ।’

উল্লেখ্য যে, বিমান ৰয়ক ম’ষ্ট ৱাণ্টেড ঘোষণা কৰিছে অসম আৰক্ষীয়ে। পলাতক আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা কৰিছে DGP এ। ঘগ্ৰাপাৰ থানাৰ সকলো আৰক্ষীৰ ম’বাইল জব্দ কৰা হৈছে। লকআপত কিশোৰীক নগ্ন কৰি ফটো-ভিডিঅ’ প্ৰস্তুত কৰিছিল OC বিমান ৰয়ে।

 

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − four =

Back to top button