অসমবোলছবি

লাডাখত ‘Nesting Munia’, হিমালয়ান চলচ্চিত্ৰ মহোৎসৱত জিলিকিল শিৱসাগৰৰ যুৱকৰ চুটি তথ্যচিত্ৰ…

বিগত দহ বছৰ ধৰি সংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক প্ৰাঞ্জল প্ৰতিম চেতিয়াই বিভিন্ন ধাৰাবাহিক, চলচ্চিত্ৰ, তথ্যচিত্ৰ নিৰ্মাণ কৰি আহিছে ৷ বৰ্তমান দ্য ব্ৰহ্মপুত্ৰ নামৰ পূৰ্ণ দৈৰ্ঘ্যৰ এখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণত ব্যস্ত পৰিচালকজন ৷

অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে সুখবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম সন্তান। যোৱা ২৪ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈকে লাডাখৰ লেহত অনুষ্ঠিত হোৱা হিমালয়ান চলচ্চিত্ৰ মহোৎসৱত সন্মান আজুৰিলে শিৱসাগৰৰ যুৱক প্ৰাঞ্জল প্ৰতিম চেতিয়াই।

চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল এহাল টুনী চৰাইৰ ওপৰত নিৰ্মাণ কৰা ‘নেষ্টিং মুনীয়া’ (Nesting Munia) নামৰ চুটি তথ্যচিত্ৰখন। ছবিখনৰ বাবে জুৰীৰ বিশেষ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাৰ প্ৰাঞ্জল প্ৰতিম চেতিয়াই৷

লাডাখত 'Nesting Munia', হিমালয়ান চলচ্চিত্ৰ মহোৎসৱত জিলিকিল শিৱসাগৰৰ যুৱকৰ চুটি তথ্যচিত্ৰ...

উল্লেখযোগ্য যে, পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ কৰা এই মহোৎসৱত অংশগ্ৰহণ কৰে লাডাখ, জম্মু আৰু কাশ্মীৰ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, চিকিম, অসম, মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে। এই ১২ খন ৰাজ্যৰ চিত্ৰ নিৰ্মাতাসকলক এখন উপযুক্ত মঞ্চ দিয়াৰ উদ্দেশ্যেই প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হয় হিমালয়ান চলচ্চিত্ৰ মহোৎসৱ।

লাডাখত 'Nesting Munia', হিমালয়ান চলচ্চিত্ৰ মহোৎসৱত জিলিকিল শিৱসাগৰৰ যুৱকৰ চুটি তথ্যচিত্ৰ...

হিমালয়ান চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ সুবিধা লাভ কৰা চলচ্চিত্ৰ পৰিচালক প্ৰাঞ্জল প্ৰতিম চেতিয়াৰ ঘৰ হৈছে শিৱসাগৰৰ পানীবিলত। বিগত দহ বছৰ ধৰি সংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক প্ৰাঞ্জল প্ৰতিম চেতিয়াই বিভিন্ন ধাৰাবাহিক, চলচ্চিত্ৰ, তথ্যচিত্ৰ নিৰ্মাণ কৰি আহিছে ৷ বৰ্তমান দ্য ব্ৰহ্মপুত্ৰ নামৰ পূৰ্ণ দৈৰ্ঘ্যৰ এখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণত ব্যস্ত পৰিচালকজন ৷

লাডাখত 'Nesting Munia', হিমালয়ান চলচ্চিত্ৰ মহোৎসৱত জিলিকিল শিৱসাগৰৰ যুৱকৰ চুটি তথ্যচিত্ৰ...

প্ৰাঞ্জল প্ৰতিম চেতিয়াৰ সফলতাত এতিয়া  উৎফুল্লিত হৈছে পৰিয়ালৰ লোক তথা অঞ্চলবাসী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + five =

Back to top button