আন্তঃৰাষ্ট্ৰীয়দুৰ্ঘটনাভাৰত

কানাডাত পাঁচজনকৈ ভাৰতীয় শিক্ষাৰ্থীৰ শোকাবহ মৃত্যু…

কানাডাৰ টৰণ্টোৰ ওচৰত হোৱা এক পথ দুৰ্ঘটনাত পাঁচজনকৈ ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হয়। লগতে গুৰুতৰভঅৱে আহত হয় দুজন।

ভয়ংকৰ পথ দুৰ্ঘটনা। কানাডাৰ টৰণ্টোৰ ওচৰত হোৱা এক পথ দুৰ্ঘটনাত পাঁচজনকৈ ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হয়। লগতে গুৰুতৰভঅৱে আহত হয় দুজন।

শিক্ষাৰ্থীকেইজনে শনিবাৰে পুৱা এখন যাত্ৰীবাহী ভানত পশ্চিমলৈ যাত্ৰা কৰাৰ সময়তে বাহনখন ট্ৰেক্টৰ-ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। এই শোকাৱহ দুৰ্ঘটনাত পাঁচজনকৈ ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হয় বুলি কানাডাৰ ভাৰতীয় উচ্চআয়োগে জানিবলৈ দিয়ে। আনহাতে এই দুৰ্ঘটনাত দুজন যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলিও জানিব পৰা গৈছে। আটাইকেইজনে মণ্ট্ৰিয়েল আৰু গ্ৰেটাৰ টৰণ্টো অঞ্চলত অধ্যয়ন কৰি আছিল।

ভাৰতীয় দূত অজয় বিছাৰিয়াই টুইটযোগে কয়, “কানাডাত হৃদয় ভঙা ট্ৰেজেডীঃ শনিবাৰে টৰণ্টোৰ ওচৰত এক অটো দুৰ্ঘটনাত ৫ জন ভাৰতীয় ছাত্ৰৰ মৃত্যু হয়। চিকিৎসালয়ত আন দুজন। মৃতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। @IndiainToronto দলটোৱে সহায়ৰ বাবে ভুক্তভোগী সকলৰ বন্ধুবৰ্গৰ সৈতে যোগাযোগ কৰি আছে।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.