অসমৰাজনৈতিক

বিজেপিৰ দখলত পৌৰসভা নিৰ্বাচন!

আজি ঘোষণা হোৱা পৌৰসভা নিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপিৰ হাতত একেবাৰে বিধ্বস্ত হৈ পৰিছে কংগ্ৰেছ দল।

আজি ঘোষণা হোৱা পৌৰসভা নিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপিৰ হাতত একেবাৰে বিধ্বস্ত হৈ পৰিছে কংগ্ৰেছ দল। কংগ্ৰেছী বিধায়ক থকা সমষ্টিৰ ৱাৰ্ডটো বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে।

কংগ্ৰেছ একেবাৰে বিধ্বস্ত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিহপুৰীয়া সমষ্টি, দেৱব্ৰত শইকীয়াৰ নাজিৰাত। তাৰ মাজতে ৰাজ্যৰ ভিতৰতে প্ৰথমবাৰলৈ পৌৰসভাৰ এটা ৱাৰ্ডত জয়লাভ কৰিবলৈ সক্ষম হৈছে আম আদমী পাৰ্টী।

লখিমপুৰৰ ১৪ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰি জয়লাভ কৰিছে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী উদিতা দাসে। লখিমপুৰৰ পৌৰসভাত আম আদমী পাৰ্টীয়ৰ তিনিটা ৱাৰ্ডত আছিল প্ৰাৰ্থী। তাৰে ভিতৰত এটা ৱাৰ্ডত জয়লাভ কৰাৰ বিপৰীতে এটা ৱাৰ্ডত দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, লখিমপুৰৰ চাৰিখন পৌৰসভাৰ তিনিখন বিজেপিয়ে দখলত কৰিছে। ঢকুৱাখনা, বিহপুৰীয়া আৰু লখিমপুৰ পৌৰসভা বিজেপিয়ে দখল কৰাৰ বিপৰীতে নাৰায়ণপুৰ কংগ্ৰেছৰ দখলত।

আনহাতে ভোটগণনা হোৱা ৮০খন ৱাৰ্ডৰ ভিতৰত বিজেপি মিত্ৰজোঁটে ৭৭ খন ৱাৰ্ডত জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে মাত্ৰ ১খন ৱাৰ্ডত জয়লাভ কৰিবলৈ সক্ষম হৈছে। সেইদৰে নিৰ্দলীয়ই দখল কৰিছে ২খন ৱাৰ্ড।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.