অপৰাধঅসম

দিন দুপৰতে যোৰহাটত ভয়ংকৰ ঘটনা! প্ৰায় অৰ্ধশতাধিক লোকৰ আক্ৰমণত মৃত্যু এগৰাকী ছাত্ৰ নেতাৰ

বহু লোকে তিনিগৰাকী যুৱকক গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰাৰ ফলতে গুৰুতৰভাৱে আহত হয় তিনিও যুৱক

দিন দুপৰতে যোৰহাটত ভয়ংকৰ ঘটনা। প্ৰায় অৰ্ধশতাধিক লোকৰ আক্ৰমণত মৃত্যু এগৰাকী ছাত্ৰ নেতাৰ।
ভয়ংকৰ গণপ্ৰহাৰ। সাধাৰণ কথাৰ ভুল বুজাবুজিৰ বাবে যোৰহাট নগৰৰ মাজ মজিয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। দলবদ্ধ আক্ৰমণত মৃত্যু এগৰাকী ছাত্ৰ নেতাৰ।

চহৰ খনৰ নিৰ্মল চাৰিআলিৰ সমীপৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত বহু লোকে তিনিগৰাকী যুৱকক গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰাৰ ফলতে গুৰুতৰভাৱে আহত হয় তিনিও যুৱক। যাৰ ভিতৰত এগৰাকী যুৱকৰ হাস্পতালত অকাল মৃত্যু ঘটে। মৃত্য হোৱা যুৱকগৰাকী গোলাঘাট জিলা ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থা শিক্ষা সম্পাদক অনিমেশ ভূঞা বুজি জানিব পৰা গৈছে। আন দুজন আহত যুৱকৰ ভিতৰত এগৰাকী ছাত্ৰ সন্থাৰ সৈতে জড়িত মৃদুস্মন্ত বৰুৱা। আন এগৰাকী যুৱকৰ পৰিচয় বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই।

ঘটনাস্থলীত যোৰহাট আৰক্ষী উপস্থিত হৈ আঘাত প্ৰাপ্ত যুৱক কেইজনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰাই যদিও অনিমেশ ভূঞাক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.