অভিনয়অসমআন্তঃৰাষ্ট্ৰীয়মনোৰঞ্জন

আইমী বৰুৱাৰ দ্বাৰা অভিনীত আৰু পৰিচালিত ডিমাচা চলচিত্ৰ “চেমখৰ”লৈ Special Mention সন্মান

আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানীত হ'ল আইমী বৰুৱা

সদ্যসমাপ্ত ৫২ সংখ্যক ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়াত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ দ্বাৰা অভিনীত আৰু পৰিচালিত ডিমাচা চলচিত্ৰ “চেমখৰ”লৈ Special Mention সন্মান আগবঢ়োৱা হৈছে|

এইবাৰ গোৱাত অনুস্থিত ৫২ সংখ্যক ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ ইণ্ডিয়ান পেনোৰামাত প্ৰথম ছবি হিচাপে প্ৰদৰ্শিত আৰু আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত “চেমখৰ”লৈ Special Mention সন্মান আগবঢ়োৱা হৈছে | ডিমাচা ভাষাৰ এই চলচিত্ৰখনৰ বিষয়ে ৫২ সংখ্যক ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ সামৰণি অনুস্থানত ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে বিশেষ উল্লেখ কৰি কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে জনগোষ্ঠীয় চিন্তা আৰু সংস্কৃতিক বিশেষভাৱে গুৰুত্ব দিয়াৰ সময়ত অসমৰ এটা জনগোষ্ঠীৰ ওপৰত নৱাগত পৰিচালক আইমী বৰুৱাই এখন চলচিত্ৰ নিৰ্মাণ কৰাটো এক গৌৰৱৰ বিষয়| মন্ত্ৰীগৰাকীয়ে পৰিচালক অভিনেত্ৰী আইমী বৰুৱাক “চেমখৰ” চলচিত্ৰৰ বাবে অভিনন্দন জ্ঞাপন কৰে|

আনহাতে চলচিত্ৰখন নিৰ্মাণ কৰাৰ সময়ত কৰা অশেষ কষ্ট আৰু ত্যাগৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰিচালক গৰাকীক প্ৰশংসা কৰে | ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনত অনুস্থিত ৫২ সংখ্যক ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত Special Mention সন্মান লাভ কৰি পৰিচালক, অভিনেত্ৰী আইমী বৰুৱাই এই সন্মান উত্তৰ-পূব ভাৰতৰ সকলোৰে নামত উচৰ্গা কৰে | “চেমখৰ” নিৰ্মাণৰ সৈতে জড়িত আৰু ছৱিখনৰ নিৰ্মাণত সহায় আগবঢ়োৱা সকলোলৈকে অভিনেত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে |

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − 3 =

Back to top button