Covid-19অসমগুৱাহাটী

অসম জাতীয় বিদ্যালয়ত কভিড পজিটিভঃ বিদ্যালয় বন্ধৰ ঘোষণা কতৃপক্ষৰ

গুৱাহাটীৰ ‘অসম জাতীয় বিদ্যালয়’ৰ দুগৰাকী শিক্ষক আক্ৰান্ত হৈছে ক’ভিডত

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ ৷ এইবাৰ গুৱাহাটীৰ ‘অসম জাতীয় বিদ্যালয়’ৰ দুগৰাকী শিক্ষক আক্ৰান্ত হৈছে ক’ভিডত ৷  যাৰফলত ছয় দিনৰ বাবে বন্ধ থাকিব বুলি বিদ্যালয়খনৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে জনাইছে।

অধ্যক্ষৰ দ্বাৰা স্বাক্ষৰিত এক চৰকাৰী জাননীত কোৱা হৈছে যে ২৬ আৰু ২৭ নৱেম্বৰত শিক্ষাৰ্থী, শিক্ষক আৰু কৰ্মচাৰীৰ মাজত আৰটি-পিচিআৰ পৰীক্ষা কৰা হৈছিল। উক্ত পৰীক্ষাৰ ফলাফল অনুসৰি বিদ্যালয়খনৰ দুগৰাকী শিক্ষকৰ দেহত ক’ভিডৰ অৱস্থিতিয়ে দেখা দিছে৷ যাৰ বাবে অহা ৬দিনলৈ বন্ধ হৈ পৰিল নুনমাটিৰ অসম জাতীয় বিদ্যালয়৷

যোৱা মাহত, চাৰিজন শিক্ষক আৰু দুজন শিক্ষাৰ্থীক কোভিড-পজিটিভ পোৱাৰ পিছত জিলা প্ৰশাসনে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জাতিয়া বিদ্যালয় বিদ্যালয়খন এসপ্তাহৰ বাবে বন্ধ কৰি দিছিল।

তদুপৰি, এই মাহৰ আৰম্ভণিতে, গুৱাহাটীৰ লিটল ফ্লাৱাৰ স্কুলৰ এজন শিক্ষাৰ্থী এই মাৰাত্মক সংক্ৰমণৰ দ্বাৰা সংক্ৰমিত হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.