অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটী

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা ! পত্নীক তৃতীয় মহলাৰ পৰা ঠেলি তলত পেলালে স্বামীয়ে

পত্নীক তৃতীয় মহলাৰ পৰা ঠেলি তলত পেলালে স্বামীয়ে

হাতীগাঁৱৰ ঘোৰামৰাত পত্নীক এটা অট্টালিকাৰ তৃতীয় মহলাৰ পৰা স্বামীয়ে ঠেলি তলত পেলাই দিয়ে।
বৃহস্পতিবাৰে সন্ধিয়া ঘোৰামৰা অঞ্চলৰ শিৱম পথত এই ঘটনাটো সংঘটিত হৈছিল।

জানিব পৰা মতে স্বামী গমচেৰ আলী আৰু পত্নী হাছেৰা খাতুনৰ কোনো কথাক লৈ কাজিয়া লাগে। আৰু তেওঁলোক দুয়োৰে মাজত হোৱা কাজিয়াৰ ফলত পত্নীক তৃতীয় মহলাৰ বাৰান্দাৰ পৰা ঠেলি দিয়াৰ অভিযোগ উত্থাপন হৈছে। তৃতীয় মহলাৰ পৰা তলত পৰি যোৱাৰ ফলত মহিলা গৰাকী গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।

স্থানীয় লোক সকলে ৰাস্তাত তেজেৰে লুতুৰি হৈ থকা অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰে। লগে লগে স্থানীয় লোক সকলে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাই। অভিযুক্ত স্বামীক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.