অপৰাধঅসম

কিহৰ বাবে কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই হত্যা কৰা হ’ল তৰুণ ডেকাক?

শুকুৰবাৰে নিশা মালিগাঁৱত সংঘটিত হয় এই হত্যাকাণ্ড।

দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে মালিগাৱঁত সংঘটিত এক ভয়ংকৰ ঘটনা। লোমহৰ্ষক হত্যাৰ বলি হ’ল এজন লোক।

শুকুৰবাৰে নিশা মালিগাঁৱত সংঘটিত হয় এই হত্যাকাণ্ড। মালিগাঁৱৰ বিপুল কমপ্লেক্সত কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই হত্যা কৰা হ’ল এজন লোকক। মৃত লোকজনৰ নাম তৰুণ ডেকা বুলি জানিব পৰা গৈছে। মালিগাওঁ বজাৰৰ নিৰাপত্তাৰক্ষী আছিল তৰুণ ডেকা।

তৰুণ ডেকাক এজন লোকে কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ শিহৰণকাৰী দৃশ্য বন্দী চিচি টিভি কেমেৰাত। অৱশ্যে, কিহৰ বাবে ব্যক্তিজনে তৰুণ ডেকাক মৰিয়াই হত্যা কৰিলে সেই কথা এতিয়াও পোহৰলৈ অহা নাই। বৰ্তমান ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.