গুজৰাটভাৰত

‘টাউতে’ত ক্ষতিগ্ৰস্ত গুজৰাটলৈ মোডীৰ তাৎক্ষণিক সাহায্য ১,০০০ কোটিৰ

‘টাউতে’ৰ সংহাৰত ক্ষতিগ্ৰস্ত গুজৰাটলৈ তাৎক্ষণিক সাহায্য হিচাপে ১০০০ কোটি টকাৰ অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷

আকাশমাৰ্গেৰে ‘টাউতে’ত ক্ষতিগ্ৰস্ত ৰাজ্যখন পৰ্যবেক্ষণ কৰাৰ পাচতে প্ৰধানমন্ত্ৰী গৰাকীয়ে এই সাহায্যৰ অনুমোদন জনায়৷ ঘূৰ্ণী বতাহৰ ফলত নিহতসকলৰ আত্মীয়ৰ বাবেও প্ৰধানমন্ত্ৰী গৰাকীয়ে 2 লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে৷

প্ৰেছ ইনফৰমেশ্যন ব্যুৰ’ (পিআইবি) ৰ এক বিজ্ঞপ্তিত এই কথাও কোৱা হৈছে যে, সংশ্লিষ্ট ৰাজ্যসমূহে কেন্দ্ৰৰ সৈতে ধুমুহাত ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰাৰ পাচত অন্যান্য প্ৰভাৱিত ৰাজ্যসমূহলৈও দিয়া হ’ব বিত্তীয় সাহায্য৷

গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশ লোৱাৰ পাচত প্ৰধানমন্ত্ৰী গৰাকীয়ে এই ঘোষণা কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 2 =

Back to top button