অসমখাদ্য

সাংবাদিকৰ প্ৰচেষ্টাত মুকলি প্ৰেছাৰ কুকাৰ কফি শ্বপ, কফিৰ সোৱাদ ল’বলৈ দোকানত ভিৰ কফিপ্ৰেমীৰ…

লকডাউনৰ সময়তো বহুতেই সোৱাদ লৈছিল Dalgona Coffeeৰ। সেই সময়ছোৱাত Dalgona Coffee খোৱাটো একপ্ৰকাৰ ট্ৰেণ্ডেই হৈ পৰিছিল।

কফি খাই আপুনি নিশ্চয় ভাল পায়। অৱসাদ দূৰ কৰিবৰ বাবে নিতৌ বহুতেই সোৱাদ লয় সুস্বাদু কফিৰ। ঘৰতে প্ৰস্তুত কৰি অথবা Cafeলৈ গৈ কফিৰ সোৱাদ লোৱাটো বহুতৰে ৰুচি।

লকডাউনৰ সময়তো বহুতেই সোৱাদ লৈছিল Dalgona Coffeeৰ। সেই সময়ছোৱাত Dalgona Coffee খোৱাটো একপ্ৰকাৰ ট্ৰেণ্ডেই হৈ পৰিছিল।

কফিপ্ৰেমীসকলৰ বাবে এইবাৰ এক অনন্য সোৱাদেৰে ভৰপূৰ কফি প্ৰস্তুত কৰি চৰ্চা লাভ কৰিছে এজন সাংবাদিকে। কলম, কেমেৰা, মাইক্ৰ’ফোন এৰি ব্যতিক্ৰমী ৰূপত লখিমপুৰৰ এগৰাকী সাংবাদিক। লখিমপুৰৰ সাংবাদিক হেমন্ত বেজে মুকলি কৰিছে এখন কফি শ্বপ।

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সমীপত সাংবাদিক হেমন্ত বেজে মুকলি কৰিছে ষ্টীম কুকাৰ কফি শ্বপ। লখিমপুৰত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছে আমাৰ বহুতৰে বাবে অচিনাকী প্ৰেছাৰ কুকাৰ কফিৰ শ্বপ। প্ৰেছাৰ কুকাৰত প্ৰস্তুত কৰা এই কফিৰ সোৱাদ ল’বলৈ এতিয়া হেমন্ত বেজৰ কফি শ্বপত ভিৰ কৰিছে খাদ্যপ্ৰেমীয়ে।

ৰোগী, আত্মীয় আৰু পথৰুৱাৰ অৱসাদ দূৰ কৰিবলৈ লখিমপুৰৰ সাংবাদিক হেমন্ত বেজে আৰম্ভ কৰা ষ্টীম প্ৰেছাৰ কুকাৰ কফিৰ ব্যৱসায়ে দাঙি ধৰিছে কৰ্ম সংস্কৃতিৰ এক অনন্য নিদৰ্শন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 1 =

Back to top button