অসমআঞ্চলিককৃষি

মাজুলীবাসীৰ বাবে সুখবৰ। বিদেশৰ বজাৰত মাজুলীৰ ৰঙা বাও

দ্বিতীয় বাৰৰ বাবে বিশ্বৰ বজাৰলৈ মাজুলীৰ পৰা ৰপ্তানি বিশ কুইন্টল ৰঙা বাও চাউল

মাজুলীবাসীৰ বাবে সুখবৰ। বিদেশলৈ ৰপ্তানি মাজুলীৰ ৰঙা বাও চাউল। দ্বিতীয় বাৰৰ বাবে বিশ্বৰ বজাৰলৈ মাজুলীৰ পৰা ৰপ্তানি বিশ কুইন্টল ৰঙা বাও চাউল। নদীদ্বীপ মাজুলীৰ বিশুদ্ধ প্ৰাকৃতিক পৰিবেশত বিশেষকৈ কোনোধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক বা বননাশক ব্যৱহাৰ নকৰাকৈ কৰা বাওধান আজিৰ দিনত মাজুলীৰ ঐশ্বৰ্যৰূপে বিবেচিত হৈছে। ABM Agri Industry & Research pvt. Ltd নামৰ এটা কোম্পানীয়ে মাজুলীৰ ৰঙা বাও চাউল মাজুলীৰ পৰা নি চিংগাপুৰ , চৌদী আৰব , কোৱেটকে ধৰি বহু কেইখন আৰবীয়ান দেশলৈ মাজুলীৰ ৰঙা বাওচাউল বিক্ৰীৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে। এই উপলক্ষে মাজুলী জিলা প্ৰশাসন, মাজুলী জিলা কৃষি বিভাগ, এপাৰ্ট আৰু মাজুলী জেংৰাইমুখ প্ৰডিউচাৰ কোম্পানি লিমিটেডৰ উদ্যোগত মাজুলীৰ জেংৰাইমুখত আজি “ফ্লেগ অফ” অনুষ্ঠানত বিশ কুইন্টল ৰঙা বাও চাউল পৰিবহন কৰা বাহনৰ ফ্লেগ অফ কৰি কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাসে। অনুষ্ঠানত অংশগ্রহণ কৰি কৃষি পৰামৰ্শদাতা, প্ৰাক্তন যুটীয়া সঞ্চালক ড’ ইমৰান হুচেইনে কয় উৎপাদন আৰু বানিজ্য দুয়োটা দিশৰ প্ৰতি আমাৰ কৃষকসকলে গুৰুত্ব দিব লাগিব। কৃষকসকলেই মাজুলীক কৃষিৰ ক্ষেত্ৰত নিশ্চিতভাবে দেশৰ ভিতৰতে শিখৰলৈ নিব পাৰিব। এই ক্ষেত্ৰত কৃষকক সহায়ৰ বাবে কৃষি বিষয়াসকলৰ দুৱাৰখন সদায় খোলা আছে।

 

তেওঁ আৰু কয় যে, এই সময়খিনিয়েই উৎপাদনৰ বাবে মাজুলীৰ কাৰণে উপযুক্ত সময়। প্ৰয়োজন হ’লে কৃষকৰ পথাৰখন আমি ৰাতিও খোলা ৰাখিব পাৰো। মাজুলী জিলা কৃষি বিষয়া ই ৰঙা বাও মাজুলীৰ ঐতিহ্য বুলি উল্লেখ কৰি কয় যে, বিদেশেই নহয় দেশৰ ভিতৰতো ইয়াৰ যথেষ্ট চাহিদা আছে। বিদেশী বৃহৎ কোম্পানি বোৰে বিদেশলৈ পঠোৱা এই ৰঙা বাও চাউলৰ যথেষ্ট পৰীক্ষা নিৰীক্ষা সম্পাদন কৰিহে মাজুলীৰ ৰঙা চাউলৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। বিশেষকৈ প্ৰচুৰ পৰিমানে জিংক আৰু আইৰণ থকা, প্ৰকৃতি নিৰ্ভৰ আৰু কোনো ৰাসায়নিক, কীটনাশক বা বননাশক প্ৰয়োগ নকৰা এই ৰঙা বাও চাউলৰ গুনাগুন কেতিয়াও হ্ৰাস নাপায়। বিদেশী ৰাষ্ট্ৰত ইয়াৰ পৰা অধিক দাম পোৱাৰ লগতে মাজুলী, অসম তথা ভাৰতৰ নাম উজ্বলি থাকিব। অনুষ্ঠানটোত উপস্থিত থাকি উদ্যোক্তা সকলৰ সলাগ লোৱাৰ লগতে ইয়াৰ ধাৰাবাহিকতা অব্যাহত ৰখাত গুৰুত্ব দিবলৈ আহ্বান জনায়।

 

উল্লেখ্য যে, মাজুলী জেংৰাইমুখ প্ৰডিউচাৰ কোম্পানি লিমিটেডৰ কৃষক গোটত পাঁচশৰো অধিক কৃষক জড়িত হৈ আছে। ৰঙা চাউলৰ সমান্তৰালকৈ পৰ্যায় ক্ৰমে সৰিয়হৰ তেল, গুৰ, নহৰু আৰু উখোৱা চাউল, নেমু আদিও বিদেশলৈ ৰপ্তানি কৰি কৃষকসকলক আগবঢ়াই নিবৰ বাবে প্ৰচেষ্টা চলি থাকিব বুলি কোম্পানীটোৰ লোকে অৱগত কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + nine =

Back to top button