আঞ্চলিক

প্ৰেমিকে প্ৰেমিকাক হত্যা কৰি ৩৫ টুকুৰা কৰি ১৮ দিন ফ্ৰীজত ৰাখিছিল শৰীৰ

আফটাবে যুৱতীগৰাকীৰ শৰীৰটো চোকা অস্ত্ৰৰে ৩৫ টুকুৰা কৰি সেইবোৰ ৰাখিবলৈ যথেষ্ট ডাঙৰ ফ্ৰীজ ক্ৰয় কৰিছিল।

প্ৰেমিকৰ নাম আছিল আফটাব আৰু প্ৰেমিকাৰ নাম আছিল শ্ৰদ্ধা। শ্ৰদ্ধা আৰু আফটাবে মুম্বাইৰ এটা কল চেণ্টাৰত কাম কৰিছিল য’ত তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ আৰম্ভ হৈছিল। কিন্তু শ্ৰদ্ধাৰ পৰিয়ালে জাতি-ধৰ্মৰ বিৰোধী তেওঁলোকৰ সম্পৰ্কক মানি লোৱা নাছিল। গতিকে দুয়োজনে ঘৰৰ পৰা পলাই ৰাজধানী দিল্লীত একেলগে সহবাস (লিভ-ইন ৰিলেশ্বন) কৰিবলৈ ঠিক কৰিলে। কিন্তু প্ৰেমিক আফটাবক বাৰে বাৰে বিয়াৰ প্ৰস্তাৱ দি আছিল শ্ৰদ্ধাই। আৰু সৈয়াই কাল হ’ল শ্ৰদ্ধাৰ বাবে। ১৮ মে’ত আফটাবে শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰিছিল। তাৰ পিছত আফটাবে যুৱতীগৰাকীৰ শৰীৰটো চোকা অস্ত্ৰৰে ৩৫ টুকুৰা কৰি সেইবোৰ ৰাখিবলৈ যথেষ্ট ডাঙৰ ফ্ৰীজ এটা ক্ৰয় কৰিছিল।

 

ইতিমধ্যে গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে আফটাবক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, শ্ৰদ্ধাই বিয়া কৰাবলৈ হেঁচা দিয়াৰ বাবেই আফটাবে শ্ৰদ্ধাক হত্যা কৰা বুলি স্বীকাৰ কৰিছে। এই নাৰকীয় ঘটনাটোৰ বৰ্বৰতা পোহৰলৈ অহাৰ পিছতেই ৰাজধানীৰ লগতে সমগ্ৰ দেশকে জোকাৰি গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.