অসমচিকিৎসাস্বাস্থ্য

মাজুলীত চিকিৎসাৰ অভাৱত পুনৰ এজন যুৱকৰ মৃত্যু। আৰু কিমান জনে প্ৰাণ দিলে উন্নত হ’ব মাজুলীৰ স্বাস্থ্য ব্যৱস্থা!

ICU টেকনেচিয়ান সময়মতে নহাৰ বাবেই মৃত্যু ঘটে আদিত্য পায়েং নামৰ যুৱকজনৰ

তেজস্বিতা মৃত্যুৰ এমাহ নহওতেই পুনৰ মাজুলীৰ গড়মূৰ পিতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত মৃত্যু এজন যুৱকৰ। মঙলবাৰে পুৱতি নিশা চিকিৎসাৰ অভাৱত মৃত্যু ঘটে মাজুলীৰ কাৰ্কিচূকৰ আদিত্য পায়েঙ নামৰ যুৱকজনৰ। ICU টেকনেচিয়ান জন

সময় মতে নহাৰ বাবেই মৃত্যু ঘটে আদিত্য পায়েংৰ। উল্লেখ্য যে, আদিত্য পায়েং নামৰ যুৱক জনৰ সামান্য বুকুৰ বিষ হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ ভৰ্তি কৰাইছিল মাজুলী গড়মূৰ পিতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত। চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত দুটা বেজী দিয়ে আদিত্যক। তাৰ পিছতেই ক্ৰমাত বেছিকৈ অসুস্থ হৈ পৰে আদিত্য। তৎক্ষণাত ডাক্তৰে ICU সোমোৱাই দিছিল যদিও টেকনেচিয়ান নথকাৰ বাবেই চিকিৎসা নাপালে আদিত্যই।

 

 

 

আদিত্য পায়েঙৰ কি দৰে মৃত্যু হ’ল সেই সকলোখিনি বিৱৰি ক’লে ভাতৃয়ে। “বুকুখন বিষাইছে বুলি কোৱাত মোৰ নিজৰ গাড়ীয়ে গড়মূৰ মেডিকেললৈ লৈ গ’লো। ডাক্তৰ আহিল ডাক্তৰে চাই লগা লগ ৰেফাৰ কৰি দিলে লক্ষীমপুৰলৈ। লক্ষীমপুৰলৈ ৰেফাৰ কৰা লগে লগে ১০৮ লৈ ফোন কৰিলো বাৰে বাৰে। কিন্তু সহাৰি নাপালো কোনো। লাহে লাহে ৰোগীজন দূৰ্বল হৈ আহিল। তৎক্ষণাত বেজী দুটা দি দিলে। বেজী দুটা দিয়া লগে লগে হালধীয়া হৈ পৰিল। লগে লগে ডাক্তৰে ICU ৰুমলৈ লৈ গ’ল আদিত্যক। কিন্তু দূৰ্ভাগ্যৰ বিষয় যে তাত এজনো ICU টেকনেচিয়ান নাছিল। যাৰ বাবে সামান্য বুকুৰ বিষতে মৃত্যুক সাবটিব লগা হ’ল আদিত্য পায়েঙে।”

 

 

 

পুত্ৰক হেৰুৱাই শোকত ভাগি পৰে আদিত্যৰ পিতৃ। কান্দোনত ভাগি পৰা আদিত্যৰ দেউতাকে মুখ্যমন্ত্ৰীলৈ মাজুলীৰ চিকিৎসা ব্যৱস্থা উন্নত কৰিবলৈ কাতৰ অনুৰোধ জনায়। কত ভাগি পৰা দেউতাকে কয়, “সৌ সিদিনাখন তেজস্বিতাক দেখ-দেখকৈ মাৰি পেলালে। সেইধৰণে আজি মোৰ ফুলকুমলীয়া ল’ৰাক বেজী দি মাৰি পেলালে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি পোন্ধৰ বছৰে স্বাস্থ্যমন্ত্ৰী হৈ আছিল। আপুনি সকলো বুজে। সেৱা কৰিছো আপোনাক। মাজুলীক বচাওক। মোৰ দৰে যাতে আৰু কোনেও পুত্ৰ শোকত ভূগিব নালাগে। এই নাতি পোৱালিটোক লৈ মই কেনেকৈ জীয়াই থাকিম। ”

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.