অসমচিকিৎসা

ভূত বাংলালৈ পৰিণত ঢেকীয়াজুলিৰ এখন চৰকাৰী চিকিৎসালয়!

গৰু ছাগলিৰ আশ্ৰয়স্থলী হৈ পৰা চৰকাৰী চিকিৎসালয় খনত এতিয়া ওলমিছে তলা

স্বাস্থ্য বিভাগৰ দায়িত্বজ্ঞানহীন কাণ্ডত ঢেকীয়াজুলিত ৪২ৰ শ্বহীদ কুমলী দেৱীৰ নামত উৎসৰ্গিত এখন চিকিৎসালয়ৰ দুৰাৱস্থা। গুৰুত্ব নাই ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ। বিগত সাত আাঠ বছৰ ধৰি স্বাস্থ্যকেন্দ্ৰটোত ওলমিছে তলা। লক্ষ লক্ষ চৰকাৰী ধন খৰছ কৰি স্বাস্থ্য বিভাগে ছহিদা নামত সংস্থাপন কৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো বৰ্তমান হাবি জংঘলৰে আবৰি ভূত বাংলালৈ পৰ্যবেশিত হৈ পৰিছে। গৰু ছাগলিৰ আশ্ৰয়স্থলীলৈ পৰিণত হৈ পৰিছে স্বাস্থ্য কেন্দ্ৰটো।

উল্লেখ্য্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তদানীন্তন কংগ্ৰেছ চৰকাৰৰ আমোলত স্বাস্হ্যমন্ত্ৰী হৈ থকাৰ সময়তে নিজে মুকলি কৰিছিল এই চিকিৎসালয়খন। ছহীদৰ নামত উৎসৰ্গিত স্বাস্হ্য কেন্দ্ৰটোৰ এতিয়া এই দুৰৱস্থা। মুকলি কৰা কিছুদিন ভালদৰেই চলি আছিল চিকিৎসালয়খন ৷ কিন্ত চৰকাৰে কোনো দীৰ্ঘম্যাদি পৰিকল্পনা নকৰাকৈয়ে ইয়াৰ কাষতে গঢ়ি উঠে এখন আদৰ্শ চিকিৎসালয়। চিকিৎসালয়খন স্থাপনৰ পাছতেই লাহে লাহে বন্ধ হৈ পৰিল কোটি টকাৰে নিৰ্মিত শ্বহীদ কুমলী দেৱীৰ নামত উৎসৰ্গিত স্বাস্থ্যকেন্দ্ৰটো।

ভাৰত ত্যাগ আন্দোলনৰ ছহিদ কুমলী দেৱীৰ নামত স্থাপন কৰা চিকিৎসালয় খনক চৰকাৰে এনে দুৰাৱস্থাৰ মাজলৈ ঠেলি দিয়াত চৰকাৰে ৪২ ৰ ছহিদক চৰম অপমান কৰাৰ অভিযোগ উথাপন কৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱাই চৰকাৰ তথা স্বাস্থ্য বিভাগৰ এনে কৰ্মকাণ্ডৰ বাবে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে আৰু অতি শীঘ্ৰেই স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.