অসমআন্তঃৰাষ্ট্ৰীয়জ্যোতিৰ্বিজ্ঞান

অসমৰ আকাশত ৰঙা জোন, শুকুৰবাৰে তাৰকাগৃহত ৰঙা জোন চাবলৈ ভিৰ সকলোৰে

৫৮০ বছৰৰ অন্তত আজি দুপৰীয়া ১২ বাজি ৪৮ মিনিটৰ পৰা ৪ বাজি ১৭ মিনিটলৈ চলা বিৰল মহাজাগতিক পৰিঘটনা লক্ষ্য কৰিলে সমগ্ৰ বিশ্বই

ৰাজ্যবাসীৰ বাবে সুখবৰ। শুকুৰবাৰৰ পৰা মুকলি হ’ল গুৱাহাটীৰ উজান বজাৰস্থিত তাৰকাগৃহ। এতিয়াৰ পৰা প্ৰতিদিনে সন্ধ্যা ৫ বজাৰ পৰা ৬ বজালৈ এক ঘণ্টাৰ বাবে বিশেষ গ্ৰহ নিৰীক্ষণৰ ব্যৱস্থা কৰিছে তাৰকাগৃহ কৰ্তৃপক্ষই। চাব পাৰিব বৃহস্পতি আৰু শনি গ্ৰহৰ বিৰল দৃশ্যসমূহ। সাধাৰণ ৰাইজৰ বাবেও খোলা থাকিব এই তাৰকাগৃহ।

আনহাতে, শুকুৰবাৰে বছৰটোৰ অন্তিমটো চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’ল বিশ্ববাসী। ৩ ঘণ্টা ২৮ মিনিট ২৯ ছেকেণ্ড ধৰি চলা এই আংশিক চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’ল বিশ্ববাসী।৫৮০ বছৰৰ অন্তত আজি দুপৰীয়া ১২ বাজি ৪৮ মিনিটৰ পৰা ৪ বাজি ১৭ মিনিটলৈ চলা বিৰল মহাজাগতিক পৰিঘটনা লক্ষ্য কৰিলে সমগ্ৰ বিশ্বই।

এয়া আছিল শতিকাৰ ২২৪ টা চন্দ্ৰগ্ৰহণৰ ভিতৰত দীৰ্ঘতম আংশিক চন্দ্ৰগ্ৰহণ। সুদীৰ্ঘ ৫৮০ বছৰৰ মূৰত পৰিলক্ষিত এই চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’ল চীন, জাপান, উত্তৰ আৰু দক্ষিণ কোৰিয়া, টাইবান, হংকং, পূৱ এচিয়া, অষ্ট্ৰেলিয়া, ইউৰোপ। অসমৰ শদিয়া, অৰুণাচলপ্ৰদেশৰ উইংটো দৃশ্যমান হ’ল এই আংশিক চন্দ্ৰগ্ৰহণ। চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰটোৰ প্ৰায় ৯৭ শতাংশই গ্ৰাস হ’ল ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.