অসমআঞ্চলিকবন্যপ্ৰাণী

সুৰাৰ ৰাগিত মগন বান্দৰ! বলিয়া বান্দৰৰ আক্ৰমণত আহত ৪ বছৰীয়া কণমানি

৩ মাহ ধৰি বৰপেটা চহৰৰ গজিয়া পথত থকা এটা বান্দৰে মানুহক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷

ৰাজ্যত জনাঞ্চলত হাতীৰ সন্ত্ৰাস কোনো নতুন ঘটনা নহয়। প্ৰায়ে বনৰীয়া হাতীৰ উপদ্ৰৱত ঘৰ-বাৰী এৰি পলায়ন কৰিবলগীয়া হয় বহুতে। ঘোৰ অৰণ্যৰ পৰা ওলাই হাতীৰ জাকে ইতিমধ্যে, অসমৰ ভিন্ন অঞ্চলত প্ৰাণ কাঢ়িছে কেইবাজনো লোকৰ। পিছে এইবাৰ বনৰীয়া হাতী নহয়, ৰাজ্যত বান্দৰৰ সন্ত্ৰাস।

বৰপেটাত বলিয়া বান্দৰ। বান্দৰৰ আক্ৰমণত আহত কেইবাজনো লোক৷ দীৰ্ঘদিন ধৰি বৰপেটা চহৰত এটা বান্দৰে সৃষ্টি কৰিছে সন্ত্ৰাসৰ।৩ মাহ ধৰি বৰপেটা চহৰৰ গজিয়া পথত থকা এটা বান্দৰে মানুহক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷

শুকুৰবাৰে, বান্দৰটোৰ আক্ৰমণৰ বলি হয় এটি চাৰি বছৰীয়া শিশু। আক্ৰমণৰ বলি হোৱা শিশুটিৰ নাম শুভাঙ্কৰ তালুকদাৰ৷ ঘৰৰ চৌহদত সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত শিশুটিক আক্ৰমণ কৰে বান্দৰটোৱে৷ বান্দৰৰ আক্ৰমণত চকু, কাণ, ডিঙিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শিশুটি৷

উল্লেখ্য যে বিগত ৩ মাহ ধৰি বৰপেটা চহৰৰ বিভিন্ন লোকৰ ঘৰত প্ৰৱেশ কৰি অথবা বাটে-ঘাটে বান্দৰটোৱে চলাই গৈছে উপদ্ৰৱ ৷ গৃহস্থৰ চকুৰ সন্মুখতে খাদ্য সামগ্ৰী খাই তহিলং কৰাৰ লগতে আচবাব আদিও লণ্ড-ভণ্ড কৰিছে বান্দৰটোৱে ৷

বলিয়া বান্দৰটোৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰা ৰাইজে বন বিভাগৰ সহায় বিচাৰিছে যদিও ৩ মাহ ধৰি বিভাগটোৱে  কোনোধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

পূৰ্বে পোহনীয়া অৱস্থাত থকা বান্দৰটোৱে নিয়মিত সুৰা সেৱন কৰাৰো সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ বান্দৰটোৰ ডিঙিত লাগি আছে এডাল কাপোৰৰ ৰছী। ৰছীডালৰ বাবেও বান্দৰটো আক্ৰমণাত্মক হৈ উঠাৰ সন্দেহ প্ৰকাশ কৰিছে সকলোৱে। অৱশ্যে বান্দৰটোৱে কিহৰ বাবে হিংস্ৰ হৈ উঠিছে সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷

বান্দৰটো কৰায়ত্ত কৰাৰ ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল। ইফালে, বন বিভাগে বান্দৰটো ট্ৰেংকুলাইজ কৰাৰ বাবে উৰ্ধতন কৰ্তৃপক্ষক অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰা বুলি বৰপেটা খণ্ড বিভাগে জানিবলৈ দিছে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − three =

Back to top button