আন্তঃৰাষ্ট্ৰীয়

১ ঘন্টা ২৫ মিনিটৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হ’ল কমলা হেৰিছ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা, প্ৰথম ব্লেক আৰু প্ৰথম দক্ষিণ এছিয়াৰ উপ-ৰাষ্ট্ৰপতি হেৰিছ

আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ল কমলা হেৰিছ। শুকুৰবাৰে, আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতিৰ ক্ষমতা থকা প্ৰথম গৰাকী মহিলা হিচাপে পৰিচিত হয় কমলা হেৰিছ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ৰাষ্ট্ৰপতি জ’ বাইডেনে অস্থায়ীভাৱে ক্ষমতা হস্তান্তৰ কৰাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি হয় কমলা হেৰিছ।

ৰাষ্ট্ৰপতি জ’ বাইডেনে এনাস্থেচীয়া লোৱাৰ সময়তে ১ ঘন্টা ২৫ মিনিটৰ বাবে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হয় কমলা হেৰিছ।

ইফালে, বাইডেনৰ চিকিৎসক কেভিন অ’কনৰে কৈছিল, “কলনোস্কোপীয়ে এটা “বিনাইন-ওলোৱা পলিপ” বিচাৰি পাইছিল যাক সহজে আঁতৰ কৰা হৈছিল। ৰাষ্ট্ৰপতি এতিয়া ৰাষ্ট্ৰপতিৰ দায়িত্ব সফলতাৰে সম্পাদন কৰিবলৈ উপযুক্ত।”

শনিবাৰে ৭৯ বছৰীয়া হোৱা বাইডেন শুক্ৰবাৰে ৰাতিপুৱা ৱাল্টাৰ ৰীড চিকিৎসা কেন্দ্ৰত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁৰ প্ৰথম নিয়মীয়া বাৰ্ষিক শাৰীৰিক পৰীক্ষা কৰিবলৈ উপস্থিত হৈছিল।

উল্লেখ্য যে, আমেৰিকাত ৰাষ্ট্ৰপতি অসুস্থ হ’লে উপ-ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰে ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − 5 =

Check Also
Close
Back to top button