অপৰাধঅসম

ঘৰতে পতিতালয় খুলি পইচা গোটোৱাৰ ধান্দাঃ ৰাইজে হাতে-লোটে ধৰি গতালে আৰক্ষীক

প্ৰায় তিনি বছৰ ধৰি দেহ ব্যৱসায় চলাই আহিছিল ঔম প্ৰকাশ মালাকাৰ নামৰ ব্যক্তিজনে

ৰাইজৰ ৰোষত দেহ ব্যৱসায়ী। ঘৰতে পতিতালয় খুলি ৰাইজৰ লপা-থপা খালে চিলাপথাৰৰ এজন দেহ ব্যৱসায়ীয়ে।
দীৰ্ঘদিন ধৰি চিলাপথাৰ অঞ্চলত দেহ ব্যৱসায় চলাই আহিছিল অকাজান শান্তিপুৰ গাঁৱৰ ঔম প্ৰকাশ মালাকাৰ নামৰ লোকজনে।

দেহ ব্যৱসায় চলাই অহা চক্ৰটোক বৃহস্পতিবাৰে ৰাইজে হাতে লোটে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে। এই ঘটনাই সমগ্র চিলাপথাৰত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

ঘৰতে পতিতালয় খুলি পইচা গোটোৱাৰ ধান্দাঃ ৰাইজে হাতে-লোটে ধৰি গতালে আৰক্ষীক

দেহ ব্যৱসায়ীৰ চক্ৰটোক বহুদিনৰ পৰা স্থানীয় ৰাইজে কৰায়ত্ত কৰাৰ চেষ্টা কৰি আহিছিল যদিও সফল হ’ব পৰা নাছিল। কিন্তু আজি এগৰাকী মহিলাসহ দুজন লোক উক্ত ঘৰটোত প্ৰৱেশ কৰাত ৰাইজৰ সন্দেহ হয় আৰু স্থানীয় গাঁওৰক্ষী বাহিনী আৰু মহিলা সমিতিৰ মহিলাসহ ৰাইজে ঘৰটোত প্ৰৱেশ কৰি মহিলাসহ নতুন মিছিং গাঁৱৰ অৰ্জুন সিং আৰু চিলাপথাৰ বামগাঁৱৰ অৰবিন্দ চাহু নামৰ লোক দুজনক অসংযত অৱস্থাত ধৰা পেলায়। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে লোককেইজন আৰু মহিলাকেইগৰাকীক চিলাপথাৰ আৰক্ষীৰ হাতত চমজাই দিয়ে।

অঞ্চলবাসীৰ মন্তব্য অনুসৰি ঔম প্ৰকাশ মালাকাৰে প্ৰায় তিনি বছৰ ধৰি দেহ ব্যৱসায় চলাই আহিছিল। লগতে অঞ্চলটোত সৃষ্টি কৰিছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 15 =

Back to top button