অসমআঞ্চলিকদৈনিক বাতৰি

প্ৰতীক্ষাৰ অন্ত পেলাই স্বাক্ষৰিত ঐতিহাসিক কাৰ্বি শান্তি চুক্তিঃ কি প্ৰতিশ্ৰুতি গৃহমন্ত্ৰীৰ?

এই স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ লগতে ১৬২ জন আত্মসমৰ্পনকাৰী সংগঠনৰ নেতা

স্বাক্ষৰিত হ’ল বহু প্ৰত্যাশিত কাৰ্বি শান্তি চুক্তি৷ শনিবাৰে নতুন দিল্লীত স্বাক্ষৰিত শান্তি চুক্তি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছয় কাৰ্বি বিদ্ৰোহী সংগঠনৰ নেতৃত্বৰে শান্তি চুক্তিত স্বাক্ষৰ কৰে৷

এই স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ লগতে ১৬২ জন আত্মসমৰ্পনকাৰী সংগঠনৰ নেতা।

এই চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে টুইটযোগে এয়া এক ঐতিহাসিক ক্ষণ বুলি অভিহিত কৰে৷ শতিকাজোৰা পুৰণি বিবাদসমূহ দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধ হোৱাৰো ঘোষণা কৰে।

ল্লেখ্য যে, KPLTৰ তিনিটা গোট, UPLA, KLNLF আৰু PDCKৰ সৈতে স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তি৷

এই শান্তি আলোচনাৰ বাবে ১ ছেপ্টেম্বৰতে দিল্লীলৈ উৰা মাৰিছিল কাৰ্বি আংলঙৰ বিদ্ৰোহী সংগঠনৰ ৬টাকৈ গোটৰ ১৬২গৰাকী সদস্য৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.