ভাৰত

গেঞ্জি পিন্ধি চলন্ত ৰে’লগাড়ীত ঘূৰি ফুৰিছে বিধায়কে, ছ’চিয়েল মিডিয়াত ভাইৰেল ফটো…

বিধায়কগৰাকীৰ বিবেকহীন কাণ্ডক গৰিহনা দিছে সকলোৱে

অৰ্ধনগ্ন হৈ চলন্ত ৰে’লগাড়ীত ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে এজন বিধায়কে। নিজ সন্মানকো কাটি কৰি গেঞ্জি পিন্ধি ঘূৰি ফুৰা বিধায়কজন বিহাৰৰ।

বিহাৰৰ জে ডি(ইউ)ৰ এইগৰাকী অর্ধনগ্ন বিধায়কৰ নাম গোপাল মণ্ডল। পাটনাৰ পৰা দিল্লীলৈ তেজাছ ৰাজধানী এক্সপ্ৰেছেৰে ভ্ৰমণ কৰা গোপাল মণ্ডলে কম কাপোৰ পৰিধান কৰি ট্ৰেইনত ঘূৰি ফুৰা দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। বিধায়কগৰাকীৰ বিবেকহীন কাণ্ডক গৰিহনা দিছে সকলোৱে।

ট্ৰেইনত থকা আন যাত্ৰীসকলে বিধায়কগৰাকীক এনে ব্যৱহাৰ নকৰিবলৈ কোৱাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে গোপাল মণ্ডলে। আনকি যাত্ৰীসকলক গুলীয়াই হত্যা কৰাৰো ভাবুকি প্ৰদান কৰে বিধায়কজনে।

ইতিমধ্যে মণ্ডলৰ দুখন ছবিয়ে ফেচবুকত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷  অৱশ্যে পেটৰ অসুখৰ বাবে সঘনাই শৌচালয়লৈ যাবলগীয়া হোৱাৰ বাবেহে এনেদৰে কম কাপোৰ পিন্ধাৰ কথাৰ স্পষ্টীকৰণ দিছে বিহাৰৰ বিধায়কগৰাকীয়ে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 4 =

Back to top button