ফটো

তালিবানৰ নৃশংস আক্ৰমণত প্ৰাণ হেৰুওৱা ভাৰতীয় ফটো সাংবাদিকলৈ মৰণোত্তৰভাৱে ‘পুলিটজাৰ বঁটা’…

ৰোহিংগীয়া শৰণাৰ্থীসকলৰ সংকটৰ ওপৰত তোলা এখন ফটোৰ বাবে ২০১৮ চনত পুলিটজাৰ বঁটা লাভ কৰিছিল ছিদ্দীকীয়ে। তেখেতৰ লগতে এই বৰ্ষৰ পুলিটজাৰ বঁটা লাভ কৰিছে Reutersৰ সাংবাদিক আদনান আবিদী, চান্না ইৰছাদ মাট্টো, অমিত দাৱেই।

আফগানিস্তানত সংঘৰ্ষত প্ৰাণ হেৰুওৱা ভাৰতীয় সাংবাদিক ডানিশ ছিদ্দিকিলৈ মৰণোত্তৰভাৱে ২০২২ বৰ্ষৰ পুলিটজাৰ বঁটা।

 

তালিবানৰ নৃশংস আক্ৰমণত প্ৰাণ হেৰুওৱা ভাৰতীয় ফটো সাংবাদিকলৈ মৰণোত্তৰভাৱে 'পুলিটজাৰ বঁটা'...
FILE PHOTO: The grounds are prepared for mass cremation of coronavirus disease (COVID-19) victims in New Delhi, India, April 28, 2021. Picture taken with a drone. REUTERS/Danish Siddiqui/File Photo

 

সাংবাদিক ডানিশ ছিদ্দিকি, এইগৰাকী ভাৰতীয় সাংবাদিকৰ নাম হয়টো আপোনালেকৰ বাবে অচিনাকী নহয়। ২০২১ চনত আফগানিস্তানত তালিবান আৰু আফগানীৰ মাজত হোৱা সংঘৰ্ষৰ বাতৰি সংগ্ৰহ কৰি থাকোতেই মৃত্যুক সাবটিছিল ফটো সাংবাদিকজনে। ভাৰতত সৃষ্টি হোৱা ক’ভিডৰ জটিল পৰিস্থিতিৰ সময়ত তোলা এখন ফটোৰ বাবে মৰণোত্তৰভাৱে ২০২২ বৰ্ষৰ পুলিটজাৰ বঁটা লাভ কৰিছে ডানিশ ছিদ্দিকিয়ে।

 

তালিবানৰ নৃশংস আক্ৰমণত প্ৰাণ হেৰুওৱা ভাৰতীয় ফটো সাংবাদিকলৈ মৰণোত্তৰভাৱে 'পুলিটজাৰ বঁটা'...

ভাৰতীয় সাংবাদিক ডানিশ ছিদ্দিকী আছিল ভাৰতত থকা Reutersৰ মুখ্য ফটো সাংবাদিক। জামিয়া মিলিয়া ইছলামিয়াৰ পৰা অৰ্থনীতিত স্নাতক লাভ কৰাৰ পৰৱৰ্তী সময়তেই গণসংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ছিদ্দিকীয়ে। ৰোহিংগীয়া শৰণাৰ্থীসকলৰ সংকটৰ ওপৰত তোলা এখন ফটোৰ বাবে ২০১৮ চনত পুলিটজাৰ বঁটা লাভ কৰিছিল ছিদ্দীকীয়ে। তেখেতৰ লগতে এই বৰ্ষৰ পুলিটজাৰ বঁটা লাভ কৰিছে Reutersৰ সাংবাদিক আদনান আবিদী, চান্না ইৰছাদ মাট্টো, অমিত দাৱেই।

 

 

তালিবানৰ নৃশংস আক্ৰমণত প্ৰাণ হেৰুওৱা ভাৰতীয় ফটো সাংবাদিকলৈ মৰণোত্তৰভাৱে 'পুলিটজাৰ বঁটা'...

২০২১ চনত আফগানিস্তানত হোৱা তালিবানৰ আক্ৰমণৰ সময়ত আফগান সুৰক্ষাবাহিনী আৰু তালিবান শক্তিৰ মাজত হোৱা সংঘৰ্ষৰ সময়ত মৃত্যুক সাবটিছিল বিশিষ্ট ফটো সাংবাদিক ডানিশ ছিদ্দীকীয়ে।

 

 

জীৱনকালত ফটো সাংবাদিক হিচাপে ছিদ্দিকীয়ে বিশ্বজুৰি বহুকেইটা গুৰুত্বপূৰ্ণ ঘটনাক আজুৰি লৈছিল। তেখেতে আৱৰি লোৱা কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা হৈছে আফগানিস্তান আৰু ইৰাকৰ যুদ্ধ, ৰোহিংগীয়া শৰণাৰ্থী সংকট, হংকং প্ৰতিবাদ আৰু নেপালৰ ভূমিকম্প।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + eleven =

Back to top button