অপৰাধঅসম

নিজ স্বামীয়ে বিক্ৰী কৰি দিলে পত্নীক

আৰ্থিক দৈন্যতাৰ বাবে স্বামীয়ে বিক্ৰী কৰিলে বিশেষ ভাৱে সক্ষম পত্নীক

মঙলদৈত এক মৰ্মান্তিক ঘটনা৷ আৰ্থিক দৈন্যতাৰ বাবে স্বামীয়ে বিক্ৰী কৰিলে বিশেষ ভাৱে সক্ষম পত্নীক৷

এই ঘটনা মঙলদৈৰ৷বিশেষ ভাৱে সক্ষম মহিলাগৰাকীৰ পিতৃ হৰেন্দ্ৰ চন্দ্ৰ ডেকাই ঘটনা সন্দৰ্ভত মঙলদৈ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ৷ এজাহাৰ দাখিলৰ তিনিদিন উকলি যোৱাৰ পিছতো মঙলদৈ আৰক্ষীয়ে এই পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ দিয়ে পৰিয়ালৰ লোকে৷

পৰিয়ালৰ অভিযোগ অনুসৰি মহিলা গৰাকীৰ স্বামী বীৰেশ্বৰ দাসে তিনি সহযোগীৰ সৈতে মিলি বিক্ৰী কৰে বিশেষ ভাৱে সক্ষম মহিলা গৰাকীক৷ তিনি অভিযুক্ত একেটা পৰিয়ালৰ ক্ৰমে – কান্তা দাস , পত্নী কুঞ্জ দাস আৰু পুত্ৰ ভকৌ দাস৷ এই তিনি সহযোগীৰ সৈতে স্বামী বীৰেশ্বৰ দাসে গুৱাহাটীৰ বেলতলাৰ লক্ষী মন্দিৰৰ সমীপৰ গ্ৰীণ পাৰ ল’জত ৰ স্বতাধিকাৰী প্ৰফুল্ল বৈশ্য আৰু নিলিমা বৈশ্যৰ ওচৰত অসৎ কৰ্ম নিয়োজিতৰ বাবে বিক্ৰী কৰাৰ অভিযোগ পিতৃ হৰেন্দ্ৰ চন্দ্ৰ ডেকাৰ৷

তৎকালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ লগতে বিশেষভাৱে সক্ষম মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ দাবী জনাইছে পৰিয়ালৰ লোকে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + one =

Back to top button