Government SchemeSocialঅসমআঞ্চলিকগুৱাহাটীচিকিৎসাফটোস্বাস্থ্য

খানাপাৰাৰ ষ্টাফ কলেজত NHMৰ বিশ্ব স্বাস্থ্য দিৱস উদযাপন!

এই অনুষ্ঠানতে প্ৰদান কৰা হয় NHMৰ  KAYAKALP, LAQSHYA, NQAS বাৰ্ষিক বটাঁ 

বিশ্ব স্বাস্থ্য দিৱসৰ এই অনুষ্ঠানতে প্ৰদান কৰা হয় NHMৰ  KAYAKALP, LAQSHYA, NQAS বাৰ্ষিক বটাঁ
হাস্পতাল আৰু কমিউনিটি হাস্পতাল, ছাৱ চেন্টাৰক সামৰি  অসমৰ মুঠ ৫১৭ খন হাস্পতালক প্ৰদান কৰা হয় পুৰষ্কাৰ।

হাস্পতাল সমূহক এই বটাঁৰ লগত সৰ্বমুঠ ৫০ লাখৰ পৰা ১ লাখলৈকে আৰ্থিক অনুদান দিয়া হয়। অনুষ্ঠানটোত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে NHMৰ সঞ্চালক ড.লক্ষ্মণন।

অনুষ্ঠানত কেশৱ মহন্তই কয় যে, গুৱাহাটীত পেট্ৰ’ল ডিজেল চালিত বাছ নাইকীয়া কৰিবৰ বাবে ২০০ ইলেক্ট্ৰিক বাছৰ অৰ্ডাৰ দিয়া হৈছে । যিকেইখন জিলাত মেডিকেল কলেজ নাই সেই জিলাত জিলা হাস্পতাল সমূহ এটা পৰ্যায়লে লৈ যোৱা হ’ব আৰু ৬ খন ছুপাৰ স্পিছিয়েলিটি হাস্পতালৰ কাম হ’ব অহা বছৰৰ পৰা।

ভাড়াঘৰত থকা ছাৱ চেন্টাৰ সমূহ চৰকাৰী মাটিত নিৰ্মাণ কৰা হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে কয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.