অসমঅসম আৰক্ষী

মাতৃৰ চকুত চকুলো। অকালতে হেৰাই গ’ল নয়নৰ মণি বুকুৰ আমঠু পোনাকণ

আজিও নীৰৱে চকুলো টুকে অনিমেষৰ মাতৃয়ে! ৰাজ্য কঁপোৱা অনিমেষ হত্যাকাণ্ডৰ এবছৰ

অসমবাসীৰ লগতে দেশবাসীয়ে পাহৰিব নোৱাৰা এটা অভিশপ্ত দিন ২৯ নৱেম্বৰ ২০২১। এই দিনটোতে চহৰৰ মাজ মজিয়াত দিন-দুপৰতে এদল নৰপিশাচে মৰিয়াই মৰিয়াই হত্যা কৰিছিল দেৰগাঁও খকণ্ডগুৰিৰ উদীয়মান যুৱক তথা ছাত্ৰ নেতা অনিমেষ ভূঞাক। যোৰহাটৰ গণপ্ৰহাৰৰ এই ঘটনাই জোঁকাৰি গৈছিল সমগ্ৰ ৰাজ্য। আজি অনিমেষৰ প্ৰথম মৃত্যুবাৰ্ষিকী।

 

যোৰহাটৰ এই পাষৱিক ঘটনাৰ পাছতে আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হৈছিল মূল অভিযুক্ত ক’লা ল’ৰাৰ। বাকী অভিযুক্তসকলৰ আইনী প্ৰক্ৰিয়া বৰ্তমানেও বিচাৰাধীন। কিন্তু অনিমেষৰ পৰিয়ালে আজিও পাহৰিব পৰা নাই সেই দিনটোৰ কথা। অনিমেষৰনামত চৰকাৰ তথা দল-সংগঠনে দিয়া প্ৰতিশ্ৰুতিসমূহ শীঘ্ৰে পূৰণ কৰাৰ আহ্বান পৰিয়ালৰ। লগতে বিচাৰাধীন দোষীসকলৰ শীঘ্ৰে শাস্তিৰ দাবী কৰিছে পৰিয়ালৰ লোকে।

 

২০২১ বৰ্ষৰ আজিৰ দিনটোত যোৰহাট নগৰৰ মাজমজিয়াত একাংশ মানৱৰূপী দানৱৰ নৃশংসতাত অনিমেষ ভূঞাই কৰুণ মৃত্যুক সাবটি লোৱাৰ পিছত অনিমেষৰ ঘৰলৈ মানুহৰ সোত বৈছিল। আহিছিল মন্ত্ৰী–বিধায়ক,শিল্লী-সাহিত্যিক তথা দল–সংগঠনৰ বিষয়ববীয়া। সকলোৱে পৰিয়ালটোক বহুত আশ্বাস প্ৰতিশ্ৰুতি দি গ’ল, কিন্তু দুখৰ বিষয় আজি এটা বছৰে বিশেষ একো নহ’ল। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনিমেষৰ ঘৰত দিয়া ৫ লাখ টকাৰ চেকখনৰ বাহিৰে ক’বলৈ গ’লে একোৱেই নহ’ল। আজিও অনিমেষৰ মাতৃৰ বুকুত জলা জুইকুৰা জ্বলিয়েই আছে। নীৰৱে পুত্ৰ শোকত চকুলো টুকিছে মাতৃয়ে। পৰিয়ালটো কেনেদৰে চলিছে তাক চাবলৈ যেন এতিয়া কাৰো আহৰি নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.