বলিউডমনোৰঞ্জন

ছুপাৰষ্টাৰ প্ৰভাস আৰু অভিনেত্ৰী কৃতিৰ মাজত গঢ়ি উঠিছে নেকি প্ৰেমৰ সম্পৰ্ক?

ছুপাৰষ্টাৰ প্ৰভাসৰ লগত কি সম্পৰ্ক বলীউডৰ অভিনেত্ৰী কৃতি ছাননৰ!

বৰুণ ধৱনে বলীউডৰ মোহময়ী অভিনেত্ৰী কৃতি ছাননে বাহুবলী খ্যাত প্ৰভাসৰ সৈতে ডেটিং কৰাৰ বিষয়ে এটা ডাঙৰ ইংগিত দি নেটিজেনসকলক আচৰিত কৰি তোলে। ডান্স ৰিয়েলিটি শ্ব’ ‘ঝলক দিখলা জা’ত ‘ভেদিয়া’ৰ প্ৰচাৰৰ বাবে আহিছিল অভিনেতা বৰুণ ধৱন আৰু অভিনেত্ৰী কৃতি ছানন। শ্ব’ চলি থকাৰ মাজতে বৰুণ ধৱনে ছুপাষ্টাৰ প্ৰভাসৰ সৈতে কৃতি ছানন ডেটিং কৰাৰ ইংগিত দিয়ে।

 

বৰুণ ধৱনৰ এই বক্তব্যই এতিয়া নেটিজেনসকলৰ মাজত জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। কাৰণ প্ৰভাসে বৰ্তমান দীপিকা পাডুকনৰ সৈতে তেওঁলোকৰ আগন্তুক ছবি ‘প্ৰজেক্ট কে’ৰ শ্বুটিং কৰি আছে। ওম ৰাউতৰ দ্বাৰা পৰিচালিত‘আদিপুৰুষ’ত একেলগে দেখা যাব কৃতি আৰু প্ৰভাসক। ইয়াৰ পূৰ্বে এক সাক্ষাৎকাৰত কৃতিয়ে কয় যে, সুযোগ পালে প্ৰভাসক বিয়া কৰাব। যাৰ ফলত ছ’চিয়েল মিডিয়াতো আলোড়নৰ সৃষ্টি হৈছিল। আৰু এতিয়া বৰুণৰ এনে ইংগিতে নেটিজেনসকলক কথাবোৰ ভাবিবলৈ বাধ্য কৰাইছে।

 

২০২৩ চনৰ জুন মাহত মুক্তি পাবলগীয়া ‘আদিপুৰুষ’ ছবিখনত প্ৰভাস আৰু কৃতি ছাননে ভগৱান ৰাম আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰিব। চিনেমাখনে ভিএফএক্সৰ বাবে বিভিন্ন সমালোচনাৰ সন্মুখীন হোৱাৰ লগতে হিন্দু দেৱতাৰ কথিত ভুল চিত্ৰণৰ বাবে আদালততো যাব লগা হয়। দশেৰাত প্ৰমো প্ৰকাশ পোৱাৰ পিছতে ছবিখনে হিন্দু দেৱতাক “অযুক্তিকৰ” আৰু “অশুদ্ধ” ৰূপত চিত্ৰিত কৰি হিন্দু সমাজৰ ধৰ্মীয় আৱেগক আঘাত হানিছে বুলি সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতে চিনেমাখনৰ নিৰ্মাতাসকলে চিনেমাখনৰ মুক্তি পিছুৱাই দিয়াৰ সিদ্ধান্ত লয়।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.