অসমআঞ্চলিকদৈনিক বাতৰি

জামুগুৰিহাটৰ আদৰ্শ যুৱ কৃষক শৰৎ বৰুৱাৰ ক’লা জিকাৰ কৃষিভূমিত উপস্থিত শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ

জামুগুৰিহাটৰ আদৰ্শ যুৱ কৃষক শৰৎ বৰুৱাৰ ক’লা জিকাৰ কৃষিভূমিত উপস্থিত শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ

জামুগুৰিহাটৰ আদৰ্শ যুৱ কৃষক শৰৎ বৰুৱাৰ ক’লা জিকাৰ কৃষিভূমিত উপস্থিত শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ৷ সুদূৰ নেডাৰলেণ্ডৰ পৰা ক’লা জিকাৰ বীজ আনি নিজৰ মাটিত উৎপাদন কৰি বিশেষ সমাদৰ লাভ কৰিছিল। বাতৰি অলপতে সম্প্ৰচাৰ হোৱাৰ পাছতে আদৰ্শ যুৱ কৃষকগৰাকীৰ খেতিপথাৰত উপস্থিত হয় শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ।

জিলা কৃষি বিভাগৰ এটি উচ্চ পদস্থ বিষয়াৰ দলক লগত লৈ যুৱ কৃষক গৰাকীয়ে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা ক’লা জিকাৰ লগতে অন্যান্য খেতি পৰিদৰ্শন কৰি উদ্বুদ্ধ হৈ পৰে উপায়ুক্তগৰাকী। যুৱ কৃষক শৰৎ বৰুৱাৰ লগতে গাঁওখনৰ অন্যান্য খেতিয়কসকলেও জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম কৰা কাৰ্যক প্ৰশংসা কৰে উপায়ুক্তগৰাকীয়ে। শীঘ্ৰেই শোণিতপুৰ জিলা কৃষি বিভাগৰ সহযোগত তেজপুৰত জৈৱিক পদ্ধতিৰে উৎপাদন কৰা শাক পাচলিৰ লগতে ফলমূলৰ বিক্ৰীৰ  এখন বজাৰ আৰম্ভ কৰাৰ কথাও প্ৰকাশ কৰে জিলা উপায়ুক্তগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.