অসমআঞ্চলিকদৈনিক বাতৰি

কামপুৰত ভুৱা তথ্যৰে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ ধনত বৃহৎ জালিয়াতি

কামপুৰত ভুৱা তথ্যৰে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ ধনত বৃহৎ জালিয়াতি

বাইশ বছৰে এজনো সংখ্যালঘু ছাত্ৰ-ছাত্ৰী অধ্যয়ন নকৰা বিদ্যালয়ৰ নামতো অনুমোদন সংখ্যলঘু বৃত্তিৰ ধন। ভুৱা তথ্যৰে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ ধনত বৃহৎ জালিয়াতি কামপুৰত। নগাঁও জিলাত পুনৰ পোহৰলৈ আহিছে আন এক কেলেংকাৰীৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান কামপুৰৰ তেতেঁলীসৰা শান্তি বিদ্যাপীঠ। উল্লেখ্য যে কোনো কালে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন নকৰা বিদ্যালয় খনত 2000-21 বৰ্ষত বহুসংখ্যক ছাত্ৰ -ছাত্ৰীৰ নামত আৱণ্টণ হৈছিল ছাত্ৰ বৃত্তিৰ ধন। এটা চৰকাৰী পৰ্টেলত প্ৰকাশ কৰা তথ্য অনুসৰি এই তথ্য আহিছে পোহৰলৈ।

আচৰিত ধৰনে বিদ্যালয়খনত দশম মান লৈকেহে  আছে যদিও একাদশ আৰু দ্বাদশ মানৰ ছাত্ৰ -ছাত্ৰীৰ নামতো সংখ্যালঘূ বৃত্তিৰ ধন আৱণ্টন হৈছে।এই সম্পৰ্কত বিদ্যালয় খনৰ প্ৰধান শিক্ষক নৱ দাসে মন্তুব্য প্ৰকাশ কৰি কয় যে তেওঁৰ শিক্ষকতাৰ কাৰ্যকালত আজিলৈকো এজনো সংখ্যলঘু ছাত্ৰই নামভৰ্তি কৰা নাই। তেনেস্থলত বিদ্যালয় খনৰ নামত এনেদৰে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ ধন আৱণ্টণ হোৱাত প্ৰধান শিক্ষক জনে আৰ্চয্য প্ৰকাশ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 5 =

Back to top button