leatest updateঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰি

কেনেকৈ সংঘটিত হৈছিল জালুকবাৰীৰ ভয়ংকৰ দুৰ্ঘটনা?

ছাত্ৰকেইজন অহা স্কৰপিঅ’ বাহন খনত উদ্ধাৰ সুৰাৰ বটল।

নিশা জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত ৭জনকৈ ছাত্ৰ। নিহত আটাইকেইজন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় ষান্মাষিকৰ ছাত্ৰ আছিল। স্কৰপিঅ’ বাহনত আছিল ছাত্ৰকেইজন। নিহত ছাত্ৰ কেইজনৰ নাম কৌশিক মোহন, কৌশিক বৰুৱা, ৰাজ কিৰন ভূঞা, ইমন বৰুৱা, অৰিন্দম বাৱাল, নিহত উমাংশু শৰ্মা, নিয়ৰ ডেকা।

বলেৰ’ পিকআপ ভানত খুন্দা তীব্ৰবেগী স্কৰপিঅ’ৰ। বলেৰ’ পিকআপ ভানখনত থকা ৩জন লোক গুৰুতৰভাৱে আহত। ছাত্ৰকেইজনে অত্যাধিক সুৰাপান কৰি অহাৰ সন্দেহ। ছাত্ৰকেইজন অহা স্কৰপিঅ’ বাহন খনত উদ্ধাৰ সুৰাৰ বটল। চানডুবিৰ পৰা আহি আছিল স্কৰপিঅ’ বাহনখন।

দুৰ্ঘটনা সংঘটিত হোৱা স্কৰ্পিঅখনৰ নম্বৰৰ AS-01-FK-9605 আৰু বলেৰ পিক আপ ভানখনৰ ন‌ম্বৰ AS-01-GC-8829। বলেৰ পিক আপ ভানখনত থকা তিনিজন লোক গুৰুতৰ বাবে আহত। স্কৰ্পিঅ বাহন সময়ত থকা ছাত্ৰসকলে অত্যাধিক সুৰাপান কৰি তিব্ৰবেগত ডিভাইডাৰৰ পাৰ হৈ আহি প্ৰচণ্ড খুন্দা মাৰে ব্ৰয়লাৰ পৰিবাহী বলেৰ ভানখনত।

ঘটনাস্থলীত আৰক্ষী উচ্চপদস্থ বিষয়া লগতে NDRF’ৰ দল উপস্থিত হৈ নিহত আৰু আহত সকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰে GMCH লৈ । সংকটজনক অৱস্থা বলেৰ পিক আপ ভানৰ চালক হেণ্ডিমেনসহ তিনিজনকৈ লোকৰ ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 11 =

Back to top button